Translate

Thursday, June 27, 2013

@ বুলেট ট্ৰেইন

খৰখেদাকৈ আমি দুয়ো নিজৰ বাৰ্থ গ্ৰহণ কৰাৰ লগে লগেই ঘোষণা শুনিলোঁ - "নমস্কাৰ আৰু সুপ্ৰভাত যাত্ৰীসকল, 'কামাখ্যা-কুটুব' বুলেট ট্ৰেইনলৈ আপোনালোকক আদৰিছোঁ৷গুৱাহাটীৰ পৰা দিল্লীলৈ
 ১৮৩৯কিলোমিটাৰ দূৰত্ব আমি ৪ঘন্টা ৩১মিনিটত অতিক্ৰম কৰিম৷এই দুই ঠাইৰ মাজত আমাৰ কোনো ষ্টপেজ নাই৷যাত্ৰাৰ সময়ছোৱাত আপোনালোকৰ সুখ-সুবিধাৰ আমি সম্পূৰ্ণ যত্ন লম৷ যি কোনো সহায়ৰ বাবে আপোনাৰ আসনৰ লগত সংলগ্ন ইন্টাৰকমৰ মাধ্যমেৰে আমাৰ সৈতে যোগাযোগ কৰিবলৈ সংকোচ নকৰে যেন৷আশাকৰো আপোনালোকৰ যাত্ৰা সুখদায়ক হব আৰু আমাক পুনৰ আপোনাসবৰ সেৱা কৰাৰ সুবিধা দিব৷ধন্যবাদ"
                 বুলেট ট্ৰেইনেৰে  পৰিবাৰ আৰু মোৰ এই প্ৰথম যাত্ৰা৷ বুলেট ট্ৰেইন আৰম্ভ হোৱাৰ পৰা গুৱাহাটী   দিল্লী বিমান যাত্ৰীৰ সংখ্যা নিম্নগামী হোৱালৈ চাই বিমানৰ ভাড়া হ্ৰাস আৰু সা-সুবিধা বৃদ্ধিৰ ঘোষণা কৰিবলৈ  এয়াৰাইন্স কৰ্তৃপক্ষ বাধ্য 'ল৷ এইবাৰ মই ট্ৰেইনৰ  ভিতৰখনলৈ চকু ফুৰাই দেখিলোঁমজিয়াত দামী কাৰ্পেট পৰা আছে৷ডবাটো সুগন্ধৰে আমোলমোল৷ পাতল স্বৰত মৃদু সংগীত বাজি আছে৷ প্ৰতিটো আৰামদায়ক চিটৰ লগত এল চি ডি মনিটৰ সংলগ্ন আছে ' ৰেলৰ যাত্ৰাৰ পথ,গতিবেগ,দূৰত্ব,গন্তব্যস্থানগৈ পাবলগীয়া সময়,বতৰৰ বতৰা আদি চাব পাৰি৷ ইচ্ছা কৰিলে নিউজ চেনেল, চিনেমা বা চিৰিয়েলো উপভোগ কৰিব পাৰি৷ কাষৰ জেকেট এটাত আছে বাতৰি কাকতমেগাজিনপেপাৰ নেপকিন, মাউথ ফ্ৰেচনাৰকেইটিমান চকলেট আৰু আন কেইবিধমান সৰুসুৰা লাগতিয়াল সামগ্ৰী৷ ডবাটোৰ এটা কোণত আটোমটোকাৰিকৈ সজোৱা এটি সৰু পেন্ট্ৰি,আনটো কোণত আছে টয়লেট৷ পৰিচৰ্য্যাকাৰীসকলে ধুনীয়া পৰিপাটি ইউনিফৰ্ম পিন্ধি হাঁহিমুখেৰে যাত্ৰীসকলৰ খা-খবৰ লোৱাত ব্যস্ত৷ এনেতে আমি দুজনক দুপেকেট ব্ৰেকফাষ্ট দি একোখনকৈ ফৰ্ম দি থৈ ' ' টিক চিহ্ন দি দুপৰীয়াৰ আহাৰত কি কি খাম পচন্দ কৰিব লাগে৷ শ্ৰীমতীয়ে ব্ৰেকফাষ্ট খাই লেপটপ মেলি ললে৷ ৱাইফাইৰ সহায়ত নেটসংযোগ স্থাপন হোৱাৰ লগে লগে বিদেশত কৰ্মৰত আৰ্কিটেক্ট পুত্ৰৰ খবৰ লোৱাত ব্যস্তহৈ পৰিল৷ মই নিউজ চেনেল এটা মেলি লৈ ডবাত উপলব্দ্ধ একমাত্ৰ অসমীয়া মেগাজিন 'প্ৰান্তিক' পাত লুটিয়াব আৰম্ভ কৰিলোঁ৷  এইবাৰৰ দিল্লী যাত্ৰাৰ উদ্দেশ্য ' নইডাত থকা ভনী অনুপমা বৰগোহাঁইৰ আনন্দৰ ভাগ লোৱা৷ ভনী জোঁৱাই কনচেং বৰগোহাঁইৰ প্ৰমোচন আৰু তেওঁলোকৰ বৰপুত্ৰ ভাগিন মৌমনে বৃত্তিসহ আমেৰিকাত পঢ়িবলৈ যাব৷ ……..চাওঁতে চাওঁতে যাত্ৰা সামৰি নামিবৰ হলেই৷ আৰামী চকীৰ বাতানুকুলিত পৰিবেশত মোৰ চিলমিলকৈ টোপনি আহিব ধৰিছিল৷ শ্ৰীমতীয়ে জোকাৰি দিয়াত খকমককৈ সাৰ পাই মাত লগালোঁ - "দিল্লী পালোঁহি নেকি" ? উত্তৰ আহিল - "উঠাচাহকাপ খাই মিউনিচিপেলিটিৰ ইলেকচনৰ ভোটটো দি আহোঁগৈ, 'লা" 
            পুৱতি নিশাৰ সপোনটো এই জনমত কেতিয়াবা ফলিয়াবনে  নে মুংগেৰী লালকে হচীন স্বপ্নে'হৈয়ে থাকি যাব উত্তৰ সময়ত হাতত এৰি দিলোঁ !

১৫জুন ২০১৩'হা কাটাৰৰ পৰা

      


No comments:

Post a Comment

Total Pageviews