Translate

Wednesday, November 26, 2014

প্ৰবাসত চাকৰিৰ মৰীচিকা

     মোৰ সহায়কাৰী ফিলিপিনো মেল নাৰ্চ দুজনৰ সামান্য বাধা নেওচি এজন ত্ৰিশ বছৰীয়া স্বাস্থ্যবান ডেকা 'ৰা চুচুক-চামাককৈ মোৰ চেম্বাৰৰ কোঠালৈ সোমাই আহিল৷ ডেকাজনৰ মুখত অনেক চিন্তাৰ ৰেখা৷ চালাম জনাই বাংলা ভাষাতে যিখিনি কথা জনালে তাৰ সাৰাংশ 'কাটাৰৰ "ফ্ৰি ভিছা"লৈ চাকৰিৰ সন্ধানত এই দেশলৈ আহিবৰ  প্ৰায় এবছৰেই ' কিন্তু কোনো সংস্থাপন আজিলৈ লগা নাই৷ ("ফ্ৰি ভিছা" বুলি আইনত কোনো  ভিছাৰ প্ৰবিধান নাই৷ যি কোনো এটা ট্ৰেড (যেনে ড্ৰাইভাৰকাৰপেন্টাৰ,পেইন্টাৰ আদিলিখি ভিছা এখন ওলিওৱা হয়৷ সেই ভিছাখন এজেন্টে মনে বিচৰা মূল্যত বিদেশলৈ চাকৰিৰ সন্ধানত আহিব বিছৰা অশিক্ষিত বা অৰ্ধশিক্ষিত লোকক বিক্ৰী কৰে৷ভিছালৈ অহালোকজনে স্পঞ্চৰৰ ছাঁটোও দেখিবলৈ নাপায়৷ বিদেশত আহি ' ' চাকৰি বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰে৷কাচিৎ কোনোবা স্থানীয় দয়ালু লোকৰ  সংস্পৰ্শলৈ আহিলে  ৱৰ্ক ভিছা বা নিগাজি  ৰেচিডেন্ট ভিছা পালে থানথিত লাগে৷ অন্যথাই আজি এঠাইত কাইলৈ এঠাইত মনে মনে হাজিৰা কাম যেনে  হোটেলত বাচন ধুৱামলত গাড়ী চাফা কৰা, কাৰোবাৰ ঘৰুৱা কাম কৰা আদি কৰি যেনে তেনে পেট প্ৰৰ্বতায়৷ কাটাৰী পুলিচৰ হাতত ধৰা পৰিলে জেল-জৰিমনাও হয় গতিকে  ঘৰলৈ টকা পঠোৱাৰ প্ৰশ্নই নুঠে৷ বাংলাদেশ, নেপালৰ বাহিৰে কিছুমান দুখীয়া আফ্ৰিকান দেশৰ পৰাও এনেদৰে ভাগ্যৰ সন্ধানত অহা অহা লোক মই লগ পাইছোঁ৷ এনে অদৃষ্ট ভাগ্যান্বেষী লোকৰ তুলনাত তেনেই কম বেতনত কাম কৰিবলৈ অহা লোকসকলক ভাগ্যশালী বুলিয়েই কব লাগিব৷ কম দৰ্মহা পালেও বিনামূলীয়া থকা আৰু খোৱাৰ সুবিধালগতে আইনী নিৰাপত্তা পোৱাতো ডাঙৰ কথা৷ নিজ দেশত  মিস্ত্ৰী, কাৰ্পেন্টাৰ, ড্ৰাইভাৰ, মেকানিকইলেক্ট্ৰিচিয়ান সকলোবোৰেই ইয়ালৈ আহি হৈ পৰে 'লেবাৰ'- কাৰণ অনুষ্ঠানিক প্ৰমাণ পত্ৰ তেওঁলোকৰ কাৰোৱেই হাতত নাথাকে৷ আৰু যি সকলৰ তেনে অনুষ্ঠানিক প্ৰমাণপত্ৰ থাকে তেওঁলোকৰ বেতনো ভাল আৰু অভিজ্ঞতাৰ ভিত্তিত চাকৰিত  চুপাৰভা্ইজাৰ,'ৰমেন আদি পদপিলৈ পদোন্নতিও হয়৷ এইখিনি লিখাৰ উদ্দেশ্য 'প্ৰত্যেক ট্ৰেডৰে পলিটেকনিক জাতীয় অনুষ্ঠানৰ শিক্ষাগত প্ৰমাণপত্ৰ নোহোৱাকৈ কোনেও যেন প্ৰবাসত চাকৰি বিচাৰি নাহে৷ চাকৰি বিচৰালোকসকলক এজেন্টে নানা প্ৰলোভনেৰে অৰ্ধ সত্যকৈ তেওঁলোকৰ পৰা কষ্টেৰে বা ধাৰ ঋৃণেৰে সংগ্ৰহ কৰা লাখ লাখ টকা আত্মসাত কৰে৷)
     পুনৰ বাংলাদেশী যুৱকজনৰ কথালৈ ঘূৰি আহিছোঁ৷ নিজৰ দেশত এজেন্টক ৫লাখ টকা দি কাটাৰ পালেহি৷ ঘৰত আছে মাক পৰিবাৰ আৰু তিনিটি সন্তানৰ সৈতে ঘৈণীয়েক৷ পৈত্ৰিক সম্পত্তি বেচি টকাখিনি এজেন্টক দিলে৷ এতিয়া ঘৰ কেনেকৈ চলিছে সোধাত জনালে মাটি-সম্পত্তি বেচাৰ কিছু টকা ঘৰত খোৱা খৰছ হিচাবে দি থৈ আহিছে৷ পঢ়াশুনা মেট্ৰিক ফেল, বাংলাদেশী ড্ৰাইভিং লাইচেঞ্চ আছে৷ সেইখন ইয়াত অচল  প্ৰশিক্ষণলৈ কাটাৰী ড্ৰাইভিং লাইচেঞ্চ ওলিয়াবলৈ কমেও ৩হাজাৰ ৰিয়ালৰ আৱশ্যক৷  আন একো বিদ্যাত তেওঁৰ অৰ্হতা নাই৷ মোৰ ওচৰলৈ অহাৰ উদ্দেশ্য ' ইয়াত ' কিডনি ট্ৰান্সপ্লান্ট হয়; মানুহে এটা কিডনিৰে জীয়াই থাকিব পাৰেনে নোৱাৰে চিকিৎসকৰ পৰা ভালদৰে জনাকিডনি বিক্ৰী কৰিলে কিমান ৰিয়াল পাব ইত্যাদি৷ মই জনালোঁ ইয়াৰ চৰকাৰী হামাড হস্পিতালতত মাহে মাহে দুটা এটা কিডনি ট্ৰান্সপ্লান্ট অপাৰেচন হয়৷ কিন্তু সেয়া সম্পূৰ্ণ বিনামূলীয়া৷ কিডনি দাতায়ো একো ধন-বিত নাপায়৷  ভাৰতত একোটা কিডনিৰ বৰ্তমান বিক্ৰী মূল্য ৫ৰ পৰা ১০লাখ টকা বা ততোধিক৷ বাংলাদেশী যুৱকজনে কিডনি বেচি নিজে একেকোবে ঋৃণমুক্ত হোৱাৰ বাসনা পুঁহিছে৷ ভিছা পালে সেই উদ্দেশ্যৰে ভাৰতলৈ যাব বুলি জনাই মোৰ ওচৰৰ পৰা বিদায় ললে৷ (মই যুৱকজনক নজনালোঁ যে অসমৰ উন্মুক্ত সীমান্তই দি ভিছা নোহোৱাকৈ অসম হৈ ভাৰতত অনায়াসে প্ৰবেশ কৰিব পাৰি আৰু যিমান দিনলৈ মন যায় সিমান দিনলৈ ভাৰতত থাকি যাব পাৰে !)
    জীৱন আৰু জীৱিকাৰ তাড়নাত মানুহৰ কিমান ধৰণৰ মতিভ্ৰম হয় আৰু তাৰ পৰিণাম কিমান ভয়ংকৰ হব পাৰে -এইটো এটা তাৰ সামান্য উদাহৰণ সহৃদয় অকবৰ পাঠকসকলৰ আগত দাঙি ধৰিলোঁ৷


ডোহা,কাটাৰৰ পৰা

২৫ নভে্ম্বৰ ২০১৪

2 comments:

  1. আপোনাৰ লেখাটো পঢ়ি হিন্দী নাম চিনেমা খনলৈ মনত পৰি গ'ল।
    পিছে অসমৰ চৰকাৰী বিদ্যালয়ত পঢ়া শুনা কৰা সধাৰণ স্নাতক ল'ৰা এজনে কেনেদৰে বিদেশত এটা চাকৰি জোগাৰ কৰি বিদেশলৈ যাব পাৰে, সেই সম্পৰ্কে অলপ বহলকৈ লিখিবচোন।

    ReplyDelete
    Replies
    1. প্ৰবাসত চাকৰিৰ মৰীচিকা খেদি বহুজন সুবিধাবাদী প্ৰবঞ্চকৰ চিকাৰ হয়৷ অলপতে তেনে এজন লোকক 'কাটাৰ অসম সমাজে' উদ্ধাৰ কৰি মাতৃভূমিলৈ ঘূৰাই পঠালে৷ কোনো কাৰিকৰী শিক্ষাৰ ডিপ্লমা বা ডিগ্ৰী নথকাসকলে কেবল বনুৱাৰ চাকৰিহে পাব৷ বিনিময়ত কৰিব লাগিব হাঁড়ভঙা পৰিশ্ৰম৷

      Delete

Total Pageviews

82562