Translate

Wednesday, November 26, 2014

* শৈশৱৰ তিনিঠেঙেীয়া দৌৰৰ স্মৃতি

স্কুলৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতাত প্ৰতিবছৰে এখন চিল্কৰ বগা ৰঙৰ প্ৰকাণ্ড ফ্লেগ খেলপথাৰৰ ভিক্ট্ৰি ষ্টেণ্ডৰ কাষত বতাহৰ সৈতে ঢৌ খেলি নাচি থাকে৷ উজ্বল ক'লা বৰণৰ আখৰেৰে তাত লিখা কথাকেইটিৰ সাৰাংশ হ'ল - "খেলত জিকা-হৰাটো মহত্বপূৰ্ণ কথা নহয়৷ লাগতিয়াল কথা হ'ল খেল-ভাৱনাৰে ইয়াত অংশগ্ৰহণ কৰাটোহে"৷একেই শিক্ষা আমাক স্কুলৰ পাঠদানৰ সময়তো দিয়া হৈছিল-"প্ৰতিযোগিতা আনৰ সৈতে নহয়, নিজৰ সৈতে কৰিবা৷ ইবাৰতকৈ সিবাৰ ভাল ফলাফল কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰি যোৱা"৷
ষষ্ঠ শ্ৰেণীৰ পৰা মোৰ ৩৫জনীয়া সহপাঠীৰ ভিতৰৰ সুৰেন্দ্ৰপাল সিং চৌহানৰ সৈতে মোৰ বেচ ঘনিষ্ঠতা গঢ়লৈ উঠিছিল৷সপ্তম,অষ্টম আৰু নৱম শ্ৰেণীৰ স্কুলৰ বাৰ্ষিক খেল-ধেমালিৰ তিনিঠেঙেীয়া দৌৰ প্ৰতিযোগিতাৰ মোৰ সৈতে পাৰ্টনাৰ হৈছিল সুৰেন্দ্ৰ৷ আমি এবাৰ দ্বিতীয় আৰু দুবাৰ প্ৰথম হৈছিলোঁ৷ কাপ বা মেডেলৰ সলনি অংশ গ্ৰহণকাৰী আৰু বিজয়ীসকলক একোখন প্ৰমাণপত্ৰ দিয়া হৈছিল,যাতে ভবিষ্য জীৱনত কামত আহে৷
অষ্টম শ্ৰেণীৰ ছাত্ৰ হৈ থাকোতে তিস্তা নৈৰ দলং বানপানীয়ে উটুৱাই নিয়াত অসমৰ যোগাযোগ অৱশিষ্ট ভাৰতৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল৷গতিকে গৰমৰ বন্ধত বেনাৰচৰ স্কুলৰ পৰা ডিব্ৰুগড়লৈ যোৱাটো অসম্ভৱ আছিল৷ সুৰেন্দ্ৰই মোক তাৰ ঘৰলৈ লগ ধৰিলে৷পোনতে ৰেলেৰে গৈ ওলালোগৈ দিল্লী৷ দিল্লীত নামিয়েই ৰেলষ্টেচনৰ বাহিৰৰ প্ৰকাণ্ড হোৰ্ডি এখনত লিখা বিজ্ঞাপন চকুত পৰিল : Quick Fix – Joins everything except broken hearts !
দিল্লীত সুৰেন্দ্ৰৰ মৰমিয়াল বায়েক ভিনিহিয়েক আমাক এসপ্তাহমান আদৰ সাদৰ কৰি ৰাখিলে আৰু গোটেই দিল্লীখন তন্ন তন্নকৈ ফুৰালে৷তাৰ পিছত বাছেৰে দিল্লীৰ পৰা মেৰঠ হৈ মৱানালৈ আহিলোঁ৷ মৱানা হ'ল এখন উন্নত গাওঁ৷ এখন হাইস্কুল আৰু এটা চিনেমাহল তেতিয়াই আছিল৷ বেণ্ডপাৰ্টি বজাই মাইকেৰে চিনেমাহলৰ চিনেমাৰ প্ৰচাৰ চলায়৷ প্ৰায়বিলাক ঘৰেই পকী-বাটপথসমূহ পকা৷ খেতিৰ বাবে বহুতৰ ঘৰত ট্ৰেক্টৰ আৰু ঘৰে ঘৰে বিজুলি বাতি ৷সুৰেন্দ্ৰৰ লগত তাঁহাতৰ কুঁহিয়াৰ আৰু গোমধানৰ পথাৰলৈ গলোঁ আৰু পথাৰতেই দুয়োবিধৰ মধুৰ স্বাদ ললোঁ৷
সুৰেন্দ্ৰৰ ডাঙৰ ককায়েক বীৰেন্দ্ৰ বিবাহিত, এটা চৰকাৰী বিভাগৰ চাকৰিয়াল৷ সৰু ককায়েক বিজয়ে কৃষি বিভাগৰ স্নাতক শিক্ষা সাং কৰি দেউতাৰ কৃষি কৰ্মত সহযোগ কৰে৷ এদিন ৰাতিপুৱা তিনি বজাতেই গোটেই পৰিয়ালৰ সৈতে নানা সা-সৰঞ্জামসহ ঘৰৰ গৰুগাড়ীত উঠি গংগাসাগৰ মেলালৈ বুলি ৰাৱণা হলোঁ৷ অন্তত: পোন্ধৰমাইল বাট এইদৰে গৰু গাড়ীৰে গৈ বেলি ওলোৱাৰ আগতেই গংগাৰ পাৰ পালোঁগৈ৷ তাত পবিত্ৰ মেলা উপলক্ষে দূৰ -দূৰণিৰ অনেক সমাগম ঘটিছিল৷দুদিনীয়া মেলাত লোকগীত গাই মহিলাসকলে সূৰ্য পূজন কৰে আৰু সৰুল'ৰা ছোৱালীবিলাকে নানা ধৰণৰ খেল-ধেমালি কৰি ৰং ৰহইছ কৰে৷গংগাৰ বালিত কোনোবাই ঢাপ বনায়, আকৌ কোনোবাই চিত্ৰ অঁকাৰ প্ৰয়াস কৰে৷ গৃহিণীসকলে নানাবিধ সুস্বাদু ব্যঞ্জন পৰিবেশন কৰে৷ মোৰ বাবে আছিল সেয়া এক অগতানুগতিক পৰিবাৰিক পিকনিক ! টেন্টৰ তলত জোনাক ৰাতি গংগাৰ বালিৰ ওপৰত শয়নৰ ৰোমাঞ্চকৰ অভিজ্ঞতা বন্ধুৰ পৰিয়ালৰ সৈতে৷
এইখিনিতে এটা প্ৰচলিত ৰগৰ মনত পৰিছে৷ এজন বিদ্যাৰ্থীয়ে বছেৰেকীয়া পৰীক্ষাৰ বাবে মুখস্থ কৰি গ'ল জৱাহৰলাল নেহৰুৰ বিষয়ে ৰচনা৷কিন্তু পৰীক্ষাত ৰচনাৰ বিষয় আহিল -নৌকা ভ্ৰমণ৷হাৰ নমনা সেই ছাত্ৰজনে ৰচনা আৰম্ভ কৰিলে এইদৰে- ১৪নভেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৰ জন্মদিনৰ দিনাখন মই এজন বন্ধুৰ সৈতে নৌকা বিহাৰত ওলালোঁ৷ নাঁৱত বহি মই তেওঁক নেহেৰুজীৰ জীৱন কথা শুনালোঁ এইদৰে-----৷ আৰু এনেদৰেই আমাৰ নৌকা ভ্ৰমণৰ সুখদ সামৰণি পৰিল৷
খেলৰ বিষয়ে মোৰ এই ৰচনাখনো অবিকল এই উপমাটোৰ দৰেই হৈছে৷ মোৰ তিনিঠেঙীয়া দৌৰৰ একান্ত অভিন্ন হৃদয় সংগীয়ে আজি অকলেই দৌৰি বহু দূৰ অতিক্ৰম কৰিলে৷ তেওঁকলৈ মই আজি গৌৰৱান্বিত৷ তেওঁ আজি আমেৰিকাৰ এজন বিশিষ্ট আৰু সফল নাগৰিক৷এজন নিউক্লিয়াৰ চাইন্টিষ্ট৷ কেইবাখনো নিজৰ বিষয়ৰ গ্ৰন্থৰ প্ৰণেতা৷ সময়ত বিচিত্ৰতাৰ মাজত আমাৰ মাজত সাময়িকভাবে ছিন্ন হোৱা সম্পৰ্কক আকৌ ফেচবুকে লগ লগাই দিলে !

ডোহা,কাটাৰৰ পৰা
-----------------------
নভেম্বৰ ২০১৪

No comments:

Post a Comment

Total Pageviews