সহধৰ্মিনী
(এক মিনিটৰ গল্প)
ৰাতিটোত হঠাতে আৰম্ভ হোৱা বুকুৰ বিষে কেৱল শৰীৰকে নহয় মনটোকো পিষ্ট কৰি তুলিলে৷
পুৱা সকলো পৰীক্ষা-নিৰীক্ষা কৰি গম পালোঁ অসুখ প্লুৰাইটিচ৷
চাকৰিৰ খাতিৰত পৰিয়ালৰ পৰা কেইবা হাজাৰ মাইল দূৰত আছোঁ ৷
অসুখৰ খবৰ পাই তেওঁ তাল-ফাল লগাই দিলে৷
লগে লগে ফোন কৰি ইয়াত থকা চিনাকী দুটা পৰিয়ালক মোৰ খবৰ লবলৈ কলে৷
আজি অলপ ভাল পাইছোঁ বুলি কোৱাত কলে - মোৰ বুকুত অলপ বিষ আৰম্ভ হৈছে৷
ভগবানকক খাটিছোঁ তোমাৰ বিষটো মোলৈ পঠাই দিবলৈ !
৬ নভেম্বৰ, ২০১২
Konseng Borgohain, Diganta Saikia, Mondeep Saikia and 25 others like this.
Bhabita Das, Gautam Bora and 4 others like this
No comments:
Post a Comment