Translate

Friday, November 30, 2012

সোঁৱৰণি সোণোৱালী দিনবোৰৰ !


মনত পৰে
নেউলা দাইটিৰ গ্ৰাম'ফোনত বজা
"পকা ধানৰ মাজে মাজে সৰু সৰু আলি --- "

অকণ দাইটিৰ সৈতে চাইকেল উঠি
তেলীৰ দোকানৰ ওচৰৰ দুৰ্গা পূজাত কিনা সাপ বেলুনলৈ
আৰু মনত পৰে
সোণ ককাইদেউৰ সৈতে মগৰাহাটৰ নামঘৰত
জয়দ্ৰথ বধভাওনা চোৱা


পাহৰা নাই
তাৱৈয়ে দিয়া মৰমৰ চৰটো
মাহীয়ে দিয়া চেন্টসনা ৰুমালৰ সুবাস
পথাৰত সমনীয়াৰ সৈতে চেঁচু খন্দা দিনবোৰ

ধাননি দাওঁতে আইৰ সৈতে খোৱা ৰবাব টেঙাৰ সোৱাদ
পথাৰত লেচেৰি বুটলা
মেজিৰ জুইত হিলৈ ফুটোৱা আৰু চুঙা পিঠাৰ সুগন্ধ
কণী-যুঁজত জিকাৰ উল্লাস
পঁইতা ভাত, পোৰা মাছ আৰু এশ এবিধ শাকৰ জুতি .......

মাথো স্মৃতি হৈ ৰোৱা সেই দিনবোৰে কৰেহি আমনি মানস পটত বাৰে বাৰে !

ডা০ ভূপেন শইকীয়া
১৩ আঘোণ, ১৯৩৪ শক
ইং - ২৯ নভেম্বৰ ২০১২


  • Anjali Sonowal সুন্দৰ হৈছে...... ভাল লাগিল
    19 hours ago · Unlike · 1
  • Bora Nitul বহুত পুৰণি কথাবোৰ মনত পেলাই দিলে, গ্ৰামফোন বুলি কোৱাৰ লগে লগে....আমাৰ ওচৰৰে মৌজাদাৰ লেখিয়া এঘৰত এটা গ্ৰামফোন আছিল, ডাঙৰ ডাঙৰ লা-সংযুক্ত ৰেকৰ্ডবোৰ গ্ৰামফোনটোত লাগই দিছিল, আৰু আমি ওচৰৰ পৰা সেইখন ঘুৰি থকা চাই চাই ভেবা লাগি ৰৈছিলো, লগে লগে গাইছিল এটি চিৰ পৰিচিত গীত--------
    অ মেঘে গিৰগিৰ কৰে.....
    অ গিৰগিৰ মেঘে কৰে। 
    এজাক যেন বৰুষুণ আহো আহো কৰে......
    মেঘে গিৰ গিৰ কৰে, 
    অ গিৰগিৰ মেঘে কৰে।
    18 hours ago · Unlike · 1
  • Ranjit Kumar Bora এৰি অহা দিনৰ সোঁৱৰণি। ভালেই লাগিল। দুটামান বানান ভুল হৈছে। এটা সততে ব্যৱহাৰ বানানৰ কথা ক’বলৈ মন গৈছে—দুৰ্গা। দূৰ্গা নহয়।
    18 hours ago · Unlike · 2
  • DrBhupendra Saikia নিজস্ব এক গাম্ভীৰ্য্য আৰু মুখত এক তৃপ্তিৰ ভাৱলৈ নেউলা দাইটিয়ে যেতিয়া গ্ৰামফোন বজাবলৈ আৰম্ভ কৰে তেতিয়া ল'ৰা বুঢ়া সকলো মিলি চ'ৰা ঘৰ ভৰি পৰে৷ তেওঁ বেচিকৈ বজোৱা আৰু কেইটিমান জনপ্ৰিয় গীত আছিল - "ফাগুণৰে পচোৱাই আঁচলকে উৰুৱাই", "ৰংমন মাছলৈ গ'ল" আৰু "কাউৰী পৰে"৷

    (কবিতাটি ভালপোৱা সকলোকে বহুতো ধন্যবাদ৷মই বিশ্বাস কৰোঁ বানানৰ ভুলে যি কোনো লিখাকে অশুৱনি কৰে৷ৰঞ্জিত বড়াক মই শলাগিছোঁ৷)


No comments:

Post a Comment

Total Pageviews