Translate

Thursday, November 15, 2012

"অহংকাৰী"ৰ স্বীকাৰোক্তি !


মোৰ স্বাভিমানক বুজিব নোৱাৰি
তেওঁ আখ্যা দিলে "অহংকাৰী"৷

সদায় মোক জেষ্ঠ বুলিলেও
নহ'ল নমনীয় এবাৰলৈও মোৰ ওচৰত ৷

ওপজা মাটিৰ গোন্ধ নিচিনা
সোণ ৰূপৰ চামুচলৈ জন্মা বুলি ভাবিলে মোক !

মানুহৰ দুখত ব্যথিত নোহোৱা
পাষাণ হৃদয়ৰ বুলি ভাবিলেও

নকৰোঁ আক্ষেপ
কিয়নো মই জানো
মোক জুখিবলৈ লোৱা তৰাজুখনযে নহয় শুদ্ধ৷

১২-১১-১২
Like ·  ·  · Monday at 6:05pm

No comments:

Post a Comment

Total Pageviews