Translate

Monday, September 24, 2012

ৰিউমেটিজম বা বাত বিষৰ বিষয়ে কিছু জানিবলগীয়া কথা


                বিশ্বৰ জনসংখ্যাৰ শতকৰা এভাগ "ৰিউমেটিজমৰ" চিকাৰ৷পুৰুষৰ তুলনাত মহিলা ভূক্তভোগী হ'ল তিনিগুণ৷ ৰিউমেটিজম নিৰ্দিষ্ট এবিধ ৰোগ নহয়৷ৰিউমেটিজম বুলিলে কমেও দুশ বিভিন্ন এনে পৰিস্থিতিক বুজায় য'ত হাঁড়ৰ গাঁঠিৰ বিষ হয় আৰু নিম্নলিখিত লক্ষণসমূহ থাকে : - গাঁঠিৰ জঠৰতা (Joint stiffness), গাঁঠি বা জোৰাবিলাক ফুলি উঠা, গাঁঠিৰ আশে-পাশে উত্তাপ হোৱা আৰু অঞ্চলটো ৰঙা পৰা, সকলো সময়তে বা পুন:পুন: বিষ অনুভৱ হোৱা, গাঁঠিৰ লৰচৰ কৰিবলৈ অসুবিধা হোৱা ৷
           অসমীয়াত এনে সমূহ ৰোগক "বাত-বিষ" বোলে৷ এনে অসুখীয়া ৰোগীৰ সংক্ৰান্তত ডাক্তৰ আৰু ৰোগীৰ মুখত শুনিবলৈ পোৱা "আৰ্থাইৰ্টিচ" শব্দটোৰ উৎপত্তি গ্ৰীক 'আৰ্থ' শব্দৰ পৰা হৈছে -যাৰ মানে হ'ল গাঁঠি৷ আইটিচে ইনফ্লেমেচনক বুজায় -উপযুক্ত অসমীয়া প্ৰতিশব্দ মোৰ জ্ঞাত নহয়৷ কিন্তু ইনফ্লেমেচন হ'ল এনে এবিধ ক্ৰিয়াৰ সমষ্টি য'ত - উত্তাপ হোৱা, ফুলি উঠা,বিষ হোৱা আৰু ৰঙা পৰা দেখা যায়৷উদাহৰণ স্বৰূপে টনচিলৰ ইনফ্লেমেচন হ'লে চিকিৎসকে কয় টনচিলাইটিচ৷ একদৰে আৰ্থাইৰ্টিচ বুলিলে হাঁড়ৰ জোৰাৰ ইনফ্লেমেচন হোৱাটো বুজিব লাগিব৷ আকৌ কমেও এশ বিধ আৰ্থাইৰ্টিচ চিকিৎসকসকলৰ জ্ঞাত -  যেনে অষ্টিঅ' আৰ্থাইৰ্টিচ (Osteo Arthritis), ৰিউমেটইড আৰ্থাইৰ্টিচ (Rheumatoid Arthritis), চৰিয়াটিক আৰ্থাইৰ্টিচ (Psoriatic Arthritis), গাওটি আৰ্থাইৰ্টিচ (Gouty Arthritis)লুপাচ আৰ্থাইৰ্টিচ(Lupus Arthiritis) , ইনফেকচিয়াচ আৰ্থাইৰ্টিচ (Infectious Arthiritis),হিমৰেজিক আৰ্থাইৰ্টিচ  Haemorrhagic Arthiritis), স্পডাইল'আৰ্থপেথিজ (Spondyloarthopathies) আদি৷ ইয়াৰে প্ৰথম দুবিধ হ''কমন' বা সততে হোৱা
     অষ্টিঅ' আৰ্থাইৰ্টিচ আঘাট, বীজাণুৰ সংক্ৰমণ বা বৃদ্ধাৱস্থাৰ ফলত উৎপত্তি হোৱা এবিধ হাঁড়ৰ বিনাশকাৰী ৰোগ৷ ৰিউমেটইড আৰ্থাইৰ্টিচ হ'ল এবিধ লেকেটা(ক্ৰনিক),শৰীৰৰ বিভিন্ন প্ৰণালীক (multi-systemic illness) আক্ৰমণ কৰা ৰোগ য'ত গাঁঠিৰ কাৰ্টিলেজ বিনষ্ট হয় আৰু জোৰাটো লৰচৰ কৰিব নোৱৰাকৈ সংলগ্নহৈ পৰে৷ ইয়াৰ উৎপত্তিত অট'ইমিউনিটি আৰু জেনেটিক কাৰক প্ৰায় দেখা যায়৷এইচ এল এ-ডি আৰ-১ আৰু এইচ এল এ-ডি আৰ-৪ ক ইয়াৰ বাবে দায়ী বুলি থাৱৰ কৰা হৈছে৷ অট'ইমিউনিটিক চমুকৈ আৰু সহজকৈ বুজাবলৈ এনেদৰে কব পাৰি - শৰীৰ নিজৰ কোনো এবিধ কোষক শৰীৰে বাহিৰৰ বা পৰৰ অপকাৰী তত্ব বুলি ভাবি তাৰ বিপৰীতে প্ৰতিক্ৰিয়া কৰিব আৰম্ভ কৰি দিয়ে আৰু এই সংঘৰ্ষৰ ফলত শৰীৰত নানা লক্ষণে দেথা দিয়ে৷ আমি ভোগা বহুতবোৰ এলাৰ্জি জাতীয় ৰোগৰ কাৰণ হ'ল অট'ইমিউনিটি৷
      যি কোনো এনে হাঁড়ৰ বা গাঁঠিৰ অসুখত ভোগা ৰোগীয়ে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়৷ সোণকালে ৰোগৰ কাৰণ চিনাক্ত কৰি উপযুক্ত চিকিৎসা দিলে হয়তো ৰোগক জটিল নোহোৱাকৈ ৰাখিব পৰা যাব৷ বহুতবোৰ বাত ৰোগৰ নিৰাময় সম্ভৱপৰ নহয়,কিন্তু ৰোগৰ উপশম সম্ভৱপৰ,ৰোগ বাঢ়ি নোযোৱাকৈ ৰাখিব পৰি৷ হয়তো দীৰ্ঘকাললৈ বা আজীৱন ঔষধ সেৱন কৰিব লগীয়া হব পাৰে৷ অস্ত্ৰোপচাৰ আৰু সহায়কাৰী সৰঞ্জাম যেনে কেলিপাৰ বা বিশেষভাবে নিৰ্মিত জোতা,বেল্ট আদিৰ প্ৰয়োজন হব পাৰে৷ কোনো এজন নিৰ্দিষ্ট চিকিৎসকৰ তত্বাবধানত হয়তো থকিবলগীয়া হব পাৰে৷ ভালেসংখ্যক ৰোগী ফিজিঅ'থেৰাপি ব্যায়ামৰ দ্বাৰাও উপকৃত হয়৷
     বাত বিষত আজিকালি ব্যৱহাৰ হোৱা ঔষধৰ চমু তালিকা এনেকুৱা: NSAID  নন-ষ্টেৰয়ৰেডিয়েল-এনালজেচিক-এন্টিইনফ্লেমেটৰী ড্ৰাগছ ; ষ্টেৰইডৰ খোৱা বা বেজী;  DMARD ডিজিজ-মডিফায়িং-এন্টি-ৰিউমেটইড-ড্ৰাগচ ৷ ডিজিজ-মডিফায়িং-এন্টি-ৰিউমেটইড-ড্ৰাগচে শৰীৰৰ ইমিউন প্ৰণালীক প্ৰভাৱিত কৰি ক্ৰিয়া কৰে৷ স্বৰ্ণৰ খোৱা ঔষধ বা বেজী, পেনিচিলামিন, চালফাচালাজিন, ক্লৰ'কুইন, এজ'থায়াপ্ৰিম, মেথট্ৰিকচেট, ইফিস্কিমেব জাতীয় এন্টিটিউমাৰ ড্ৰাগচ৷ কোনজন ৰোগী কি দিয়া ঠিক হব চিকিৎসকে থাৱৰ কৰে৷ একাধিক দৰবৰ তাৰ পাৰ্শ্বক্ৰিয়াৰ হেতুকে প্ৰয়োগ সীমিত৷
   কিছুমান সৰু লক্ষ্যনীয় কথা: বেচি ভাগ বাত-বিষৰ ৰোগীয়েই বতৰৰ সাল-সলনি, আনকি পূৰ্ণিমা-আমাৱস্যাৰ  লগত মিলাই বিষ কম বেচি অনুভৱ কৰে৷ ডাৱৰীয়া আৰু শীতত বিষ সাধাৰণতে বেচি হয়৷ পৰিয়ালৰ লোকে আৰু চিকিৎসকে সেইমতে ৰোগীৰ অতিৰিক্ত সতৰ্কতা লব লাগে৷ একেদৰে
খাদ্যৰ ক্ষেত্ৰত চকু দিব লাগে কি কি বস্তু খালে বিষ বেচি হয় -সেইবিলাক বস্তু চিনাক্ত কৰি বাদ দিব লাগে৷ সাধাৰণতে কণী,গাহৰি বা ছাগলিৰ মাংস,গাখীৰ, ক্ৰিম আদিয়ে ফুড এলাৰ্জি কৰি বিষ বেচি কৰা দেখা যায় ৷ আনহাতে ৰোগীৰ বাবে অমেগা-৩ ফেটি এচিড থকা খাদ্য উপকাৰী৷ সাগৰীয় টুনা আৰু চলমান মাছৰ ওপৰিও আখৰুট,বাদাম আৰু আভাকাডো ফলত অমেগা-৩ ফেটি এচিড থাকে৷

No comments:

Post a Comment

Total Pageviews