প্ৰতি
মনোহৰ দত্ত
নলবাৰী, অসম
বন্ধুবৰ ~
মোৰ সাদৰ সম্ভাষণ জানিব৷
আপোনালোকৰ সমবেদনা পৰিয়ালৰ শোক লাঘৱ
কৰাত সহায়ক হৈছে৷ কিন্তু জেষ্ঠ পুত্ৰ হিচাবে ময়েই আটাইতকৈ বেচি দেউতাৰ সান্নিধ্য লাভ কৰিলোঁ৷ সেই সূত্ৰে মোৰ দেউতাৰ প্ৰতি আকৰ্ষণ আৰু আনুগত্যও আছিল বেচি৷ দেউতায়ো মোৰ সৰু-ডাঙৰ প্ৰতিটো সমস্যাৰ সমাধান দিবলৈ যত্নপৰ হৈছিল৷
আৰু বেচি নিলিখোঁ ৷বৰ্তমান মোৰ মনৰ ভাৱ হ'ল এনে : -
কাল ধুমুহাই উঘালি নিয়া
বিশাল মহীৰূহৰ সোঁৱৰণত
নিৰলে নিগৰে অশ্ৰু অঞ্জলি
মোৰ
পুখুৰীৰ
ঢৌবোৰ সময়ত
মাৰ
যাব লাহে লাহে
অপূৰণ
হৈ ৰ'ব মাথো
বুকুৰ শূণ্যতা
!
ইতি
ডা০ ভূপেন শইকীয়া
১৮-৪-২০১২
ড'হা, কাটাৰ
No comments:
Post a Comment