Translate

Wednesday, July 11, 2012

আলি আই লিগাং


      মোৰ মনত আছে মই ধেমাজি চিভিল হস্পিতালত যোগদান কৰিবলৈ ওলোৱা শুনি আনন্দত তোৰ মুখখন উজ্বল হৈ উঠিছিল৷ সেইদিনাখন গুৱাহাটীৰ পৰা নিশাৰ বাচেৰে  ধেমাজিলৈ গৈ আছিলোঁ   গোটেই ৰাতিটো  আমাৰ  কথাৰ অন্ত পৰা নাছিল৷ তই তেতিয়া  ধেমাজিত মহকুমা স্বাস্থ্য বিষয়া৷ 
            ফ্লেচবেক হৈছিল - মেডিকেল পঢ়ি থাকোতে তোৰ উত্তৰ লক্ষীমপুৰৰ গাঁৱৰ ঘৰলৈ মই দুবাৰনে তিনিবাৰ গৈছিলো৷ আলি আই লিগাং আৰু মিছিং সংস্কৃতি-সমাজ মোৰ আপোনহৈ পৰিছিল৷ তোৰ বৌটিয়ে দিয়া মিৰিজিম কাপোৰখনৰ মৰমৰ ওম মই জীবনত পাহৰিব নোৱাৰো৷ চাঙ ঘৰত জুহালৰ কাষত বহি খোৱা কলা আপং আৰু ঘৰুৱা কুকুৰাৰ মাংসৰ জুতি মোৰ অমৃতকৈয়ো সোৱাদ যেন লাগিছিল৷
     তাৰ পিছত এম বি বি এচৰ ফাইনেল পৰীক্ষা দি আমি দুয়োযে এমাহমানৰ বাবে ফুৰিব ওলাই গৈছিলোঁ ৷কলিকতা,গয়াহৈ ওলাইছিলোঁ গৈ চণ্ডিগড়তাৰ পৰা এলাহাবাদবেনাৰচহৈ  ডিব্ৰুগড় পাইছিলোঁ হি৷ চণ্ডিগড়ত তেতিয়া মহেন্দ্ৰমোহন চৌধুৰী ৰাজ্যপাল হৈ আছিল৷ ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ আগতে 'কণাৰ ফৰ্মূটি' বুলি ভাবি তেওঁলৈ এখন চিঠি পষ্ট কৰিছিলোঁ  -  চণ্ডিগড় ফুৰিবলৈ যাম বুলি৷ আকৌ গয়াৰ পৰা 'কালকা মেইল' উঠি  চণ্ডিগড় অমুক  তাৰিখে পাম বুলিও এখন টেলিগ্ৰাম কৰিছিলোঁ  চণ্ডিগড় ৰেলষ্টেচনৰ পৰা অট'ৰিক্সাৰে ৰাতিপুৱাই পঞ্জাৱৰ ৰাজভবনত ওলাইছিলোঁ গৈ ৰাজ্যপালে তেতিয়া দলেবলে সপ্তাহযোৰা পঞ্জাৱ ভ্ৰমণত যাবলৈ সাজু হৈছে৷ আমাকো লগ ধৰিলে আৰু কলে ৰেলষ্টেচনত তোমালোকক বিচাৰি নাপাই আনিবলৈ যোৱা মানুহ ঘূৰি আহিল আকস্মিক প্ৰস্তাৱত আমি দুই বৰ্বকে পঞ্জাৱ ভ্ৰমণত  নোযোৱাতোকে   ঠিক কৰিলোঁ ৷ তেতিয়া   তেওঁ এজন ডাক্তৰক মাতি  আমাৰ   দায়িত্ব গটাই থৈ   ৰাৱনা 'ল৷ আমি চাৰি নে পাঁচদিন ৰাজভবনত অতিথিহৈ থাকি  উপলব্দ্ধি কৰিছিলোঁ  যে সাধাৰণ শ্ৰেণীৰ মানুহ যেনে ৰান্ধনি, মালি, ধোবী, চিকিউৰিটি আদিৰ মাজত তেওঁ অত্যন্ত লোকপ্ৰিয় আছিল৷ সেইসকলে ৰাজ্যপালক 'লাটচাহাব' বুলিছিল৷
       
      ভ্ৰমণৰ অন্তত ডিব্ৰুগড়ত আমাৰ ঘৰত এৰাতি থাকি তই ফেৰীৰে উত্তৰ পাৰৰ ঘৰলৈৰাৱণা হৈছিলি৷ পাছত লগ পাওঁতে তই জনাইছিলিকেনেকৈ তই ঘূৰি নহালৈকে ঘৰৰ মানুহে উদ্বিগ্নতাৰে দিন কটাইছিল৷
      মই জানো এইবিলাক প্ৰতিটো কথাই তোৰ ভালৈকৈয়ে মনত আছে৷ উৎসৱৰ দিনত মানুহে য’তে থাকিলেও আপোনজনক সোঁৱৰেসেয়ে ময়ো অকলে অকলে তোৰ স্মৃতি ৰোমন্থন কৰোতে চকুদুটি মোৰ চলচলিয়াহৈ আহিছে !

               বাৰু এতিয়া বৰ্তমানলৈ ঘূৰি আহোঁ আজি আলি আই লিগাং আছে বুলি নেটত গম পালোঁ৷ সেই উপলক্ষে তোলৈ মোৰ এবুকু মৰম যাচিলোঁ৷ মই জানো চকুৰ আতৰ হলেও মনৰ আতৰ হোৱা নাই আমি৷ যোৱা দহ বছৰে এৰাধৰাকৈ মই বিদেশত আছোঁ৷ যতে আছ তই কুশলে থাক! ঘৰৰ সকলোকে মোৰ যথাযোগ্য সম্ভাষণ জনাবি৷ লগ পালে আৰু বহুতো কথা পাতিম দেই৷ 

            ইতি তোৰ সহপাঠী ভূপেন
                ২ফাগুন, ইং ১৫ফেব্ৰুৱাৰী, ২০১২
                   ড'হা কাটাৰৰ পৰা, সন্ধিয়া ৭বজাত
              Email : drbksaikia@gmail.com   Mobile no 0974-33738722

No comments:

Post a Comment

Total Pageviews