Translate

Friday, July 6, 2012

বাল্যকালৰ সঁচা ঘটনা


           মোৰ বয়স তেতিয়া ৫ বছৰ ৷ কালুগাওঁত আছিলোঁ৷ এদিনাখন ৰাতিপুৱা শুই উঠি দেখা পালোঁ - মায়ে কোলাত কেচুৱা এটা লৈ আছে৷ মোক সাৰ পোৱা দেখি চুবুৰীয়া আইতা এজনীয়ে জোকালে - এতিয়াৰ পৰা মাৰে তোক মৰম নকৰে৷ গোটেই মৰম এতিয়া ভায়েৰাইহে পাব৷কথাষাৰ শুনাৰ লগে লগে মই কব ধৰিলো - মই ইয়াক তেলীৰ দোকানত বেচি দিমগৈ ! সেই অভিমান আৰু খং কেতিয়া আৰু কেনেকৈ শেষ হ'ল পাহৰিলোঁ ৷
         পাহৰা নাই আন এটি ঘটনা৷ তেতিয়া মোৰ বয়স ৬বছৰ মান হব৷এদিনাখন ৰাতিপুৱাই মাক নোকোৱাকৈ সমনীয়াৰ লগত খেলিবলৈ ঘৰৰ পৰা ওলাই গলো৷ শিক্ষয়ত্ৰী মায়ে স্কুললৈ যাবলৈ ওলাই লৈ মোক বিচাৰি ৰাস্তাত মা্ৰ্বল খেলি থকা দেখা পালে৷লগে লগে মায়ে মোক এচাৰিৰে কেইবাচাটো দিলে ৷ময়ো খঙত একো নাই হৈ মাক কলো - মোক ইমান মাৰিলি৷ আজি তোকো ভগবানে শাস্তি দিব !
         আশ্চৰ্য্যজনক ভাবে সেইদিনাখন মায়ে  স্কুলত এটা দূৰ্ঘটনাৰ সন্মুখীন হ'ল৷ হঠাৎতে অহা ধুমুহাই ভঙা তামোল গছ এজোপা মাৰ গাত পৰিল৷কথমপিহে মাৰ জীৱনটো ৰক্ষা পৰিল৷

মই জীৱনলৈ এটি শিক্ষা পালোঁ - কাকো শাওঁ দিব নাপায় ৷

No comments:

Post a Comment

Total Pageviews