Translate

Thursday, October 8, 2015

কাটাৰৰ ডায়েৰী : ডোহাৰ প্ৰমুখ ডাকঘৰ আৰু অন্যান্য বিষয়

       
কেইদিনমানৰ আগতে মোৰ চেম্বাৰলৈ এজন ডেকা ল'ৰা আহিছিল নিজৰ অসুখ দেখুৱাবলৈ৷ অসুখ পৰীক্ষা কৰাৰ আগতে মই সদায়েই প্ৰত্যেকজন নতুন ৰোগীৰ চমু পৰিচয় এটি লৈ লওঁ৷ যুৱকজনৰ পৰা গম পোৱা কথাখিনিৰ সাৰাংশ হ'ল : নাম তেওঁৰ চাদ্দাম হুছেইন৷ ঘৰ অসমৰ কৰিমগঞ্জত৷ শিক্ষা অষ্টম শ্ৰেণীলৈকে পঢ়া৷ এজেন্টক ৬০হাজাৰ টকা দি কাটাৰ ৰেলৰ  চতুৰ্থবৰ্গৰ চাকৰিত সোমাইছেহি৷ ঘৰত মাক-দেউতাক আৰু ভায়েক ভনীয়েক আছে৷ দৰমহা আৰু অভাৰটাইম মিলাই মাহে ১২শ ৰিয়াল দৰ্মহা পায়৷ খোৱা আৰু থকাৰ ব্যৱস্থা কোম্পানীৰ৷ মই ইয়াত কাম কৰা বুলি জানি অইন সহকৰ্মীৰ ওচৰত গৌৰৱ কৰে “আমাৰ নিজা ঠাইৰ ডাক্তৰ” বুলি৷ চেম্বাৰ এৰিবৰ সময়ত নিজৰ ম'বাইলত মোৰ সৈতে আনন্দমনেৰে কেইখনমান ফটোও উঠিলে৷ চাদ্দামে  প্ৰেচক্ৰিপচনখনত ব্যৱহাৰৰ বিধান অসমীয়াত লিখিবলৈ অনুৰোধ জনালে৷

     এটা কথা লক্ষ্য কৰি মই কিছু পৰিমাণে চিন্তিত হওঁ৷  মোৰ বাংলাদেশী আৰু নেপালী  বহুতো ৰোগীয়ে কয় - অসমত আমাৰ ভালেকেইজন আত্মীয়ৰ ঘৰ৷ কথাষাৰ নিশ্চয় মোক ভালৰি লগাবলৈ কোৱা নহয়৷ দুই এক ব্যতিক্ৰমৰ বাহিৰে প্ৰায়বিলাক ৰোগীয়েই মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই মোৰ কোঠাত প্ৰবেশ কৰে৷ যাবৰ সময়ত চালাম, শুক্ৰিয়া, নমস্কাৰ, ধন্যবাদৰ ওপৰিও দুই একে কৰমৰ্দন বা সেৱা জনাই বিদায় লয়৷ মোৰ ওচৰত থকা সময়খিনিত নিজক উজাৰি দি হয়তো  সকাহ পায়৷ ময়ো সময়খিনিক উপভোগ কৰোঁ কাৰণ মই যদি কাৰোবাৰ বাবে আশ্ৰয় যেন হব পাৰোঁ তাতে ক্ষতি কি ?


     পেচেন্টৰ জগতখনৰ পৰা এইবাৰ বাহিৰলৈ ওলাই আহোঁ৷ সিদিনা মোলৈ ম'বাইলত মেছেজ আহিল - 'আপোনাৰ এখন নতুন ডেবিট কাৰ্ড ডোহাৰ মূল ডাকঘৰলৈ প্ৰেৰণ কৰা হৈছে৷ অনুগ্ৰহ কৰি অনতিপলমে সেইখন সংগ্ৰহ কৰক'৷ কৰনীচৰ ৱেষ্টবে অঞ্চলত থকা বিশাল জি পি অ' ভৱনটোত সেইমতে পিছদিনাখন গৈ ওলালোঁগৈ৷ ৩৩,৫৪০ স্কোৱাৰমিটাৰ জুৰি থকা সেই ভৱনটোৰ নিৰ্মাণ কাৰ্য চাবলগীয়া৷ তাত ২৫হাজাৰটা ইলেকট্ৰনিক কম্পিটৰাইজড প'ষ্টবক্সৰ সুবিধা আছে৷ ১৯৮৮ চনত মহম্মদ চৈফ বিন মডহাডিৰ সপোনৰ এই প্ৰকল্পটোৰ শুভ উদ্বোধন হয়৷ যেহেতুকে  প্ৰবাদমতে এটা সময়ত পাৰ চৰাইয়ে ডাকোৱালৰ কাম কৰিছিল সেয়ে ডাকঘৰ ভৱনটোৰ বাহ্যিক দিশটো  জাকজাক পাৰ চৰাইৰ বাঁহৰ আকাৰ দি সজোৱা হৈছে৷

      ডাকটিকট সংগ্ৰহালয় বিভাগটোৰ পৰা মই কেইবাটিও বেলেগ বেলেগ মূল্যৰ বেলেগ বেলেগ চাইজৰ টিকট সংগ্ৰহৰ বাবে কিনি লওঁ৷ উল্লেখযোগ্যযে যোৱা ২ ১ জুন তাৰিখে বিশ্বৰ ১৭৭ খন দেশে 'বিশ্ব যোগ দিবস'  পালন কৰিবৰ দিনা কাটাৰেও এটি ৰঙীন ডাক টিকটৰ চিৰিজ জাৰী কৰে৷ ভাৰতবৰ্ষৰ সন্মানীয় ৰাজদূত সঞ্জীৱ অৰোৰা আৰু কাটাৰৰ বৈদেশিক বিভাগৰ  মন্ত্ৰী আৰু কাটাৰৰ ডাকবিভাগৰ চেয়াৰমেন সেই উপলক্ষে আয়োজিত সভাত উপস্থিত আছিল৷ কাটাৰে আমাৰ দেশৰ প্ৰতি দেখুৱাই অহা সদ্ভাৱৰ এয়া এক উদাহৰণ৷


Tuesday, October 6, 2015

বেচিকৈ ঘাম ওলোৱাৰ সমস্যাঃ জানিবলগীয়া কেইটিমান লাগতিয়াল কথা







যোৱা মাহটোৰ ভিতৰত তিনিজন একে লক্ষণৰ ৰোগী মোৰ ওচৰলৈ সহায় বিচাৰি আহিল৷ প্ৰথম গৰাকী আফ্ৰিকাৰ এখন দেশৰ এগৰাকী চাকৰিয়াল মহিলা৷ দ্বিতীয়জন নাৰ্চিং প্ৰফেচনৰ লগত জড়িত ফিলিপিনো পুৰুষ৷ তৃতীয়জন হ'ল এজন চেলচৰ লগত  জড়িত ভাৰতীয় লোক৷ তিনিওজনৰে বয়স ৩০ৰ পৰা ৪৫ৰ ভিতৰত৷ সমস্যা এটাই - ঘাম বৰ বেচিকৈ ওলায় বিশেষকৈ হাত দুখনত৷ যাৰ ফলত মানুহৰ লগত  হেণ্ডশ্বেক কৰিবলৈ সমস্যা হয়৷ কম্পিউটাৰত বহিলে মাউচটো ঘামেৰে ভিজি যায়৷ কাগজত লিখিবলৈ ললে কলমটোৰ পৰা ঘাম বৈ কাগজখন ভিজাই পেলায়৷ বহুতো চিকিৎসা কৰিও কোনো সুফল পোৱা নাই৷ এনে  সমস্যা থকালোকৰ সংখ্যা পৃথিবীত ২১১নিযুত অৰ্থাৎ পৃথিবীৰ মুঠ জনসংখ্যাৰ তিনি শতাংশ৷ এনে অৱস্থাক  চিকিৎসা বিজ্ঞানৰ ভাষাত Hyperhidrosis বা Diaphoresis বুলি কয়৷ আজিৰ আলোচনাত এনে অসুবিধাজনক অৱস্থা কিয় হয় আৰু প্ৰতিকাৰৰ ব্যৱস্থা কি সেই বিষয়ে কিছু কথা পাঠকসকলক অৱগত কৰাৰ প্ৰয়াস কৰিম৷ বিশ্বৰ তিনি শতাংশৰ ভিতৰত অসমো পৰে৷ বহুতে সংকোচবশত: আনক নিজৰ অৱস্থাৰ  কথা বেকত নকৰে আৰু 'ভগবানৰ অভিশাপ' বুলি মনতে এক কুন্ঠালৈ জীয়াই থাকে৷ কিন্তু আধুনিক  চিকিৎসা  বিজ্ঞান তেনেলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু বহু পৰিমাণে এই ক্ষেত্ৰত সাফল্য লাভ কৰিছে৷ পাঠকসকলে এই লিখনিৰ দ্বাৰা সামান্যতম উপকৃত হলেও মই ধন্য হম৷
      মানুহৰ শৰীৰৰ পৰা ঘাম ওলোৱাটো এক স্বাভাবিক প্ৰক্ৰিয়া৷ মানুহৰ শৰীৰত ২ৰ পৰা ৪নিযুত ঘাম ওলোৱা গ্ৰন্থি থাকে৷ পুৰুষৰ তুলনাত মহিলাৰ এনে গ্ৰন্থি বেচি থাকিলেও পুৰুষৰ গ্ৰন্থিসমূহহে বেচি সক্ৰিয় হোৱা দেখা যায়৷  শৰীৰৰ এই গ্ৰন্থিসমূহক অটোনমিক নাৰ্ভাচ চিষ্টেমে নিয়ন্ত্ৰণ কৰে৷ শৰীৰে গৰম অনুভৱ কৰিলে ঘাম ওলায় আৰু শৰীৰৰ উত্তাপ নিয়ন্ত্ৰিত কৰি ৰাখে৷ কিন্তু কিছুমান মানুহৰ অটোনমিক নাৰ্ভাচ চিষ্টেম কিয় বেচি সক্ৰিয় জনা নাযায় - যাৰ ফলত এনে লোক সকলে হাতৰ তলুৱাত, কপালত,কাষলতিৰ তলত আৰু দুই ভৰিত  বেচিকৈ ঘামি নানান আহুকালৰ সন্মুখীন হয় আৰু হীনমনস্ক্যতাত ভোগে৷ পৰিয়ালৰ একাধিক লোকক এনে অৱস্থাত ভোগা দেখা যায় সেয়ে জেনেটিক কাৰণ জড়িত বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷
      এটা জৰুৰী জানিবলগীয়া কথা হ'ল শৰীৰৰ নানাধৰণৰ ৰোগৰ ফলতো এনে অতিৰিক্ত ঘাম ওলোৱা অৱস্থাৰ সৃষ্টি হব পাৰে৷ তেনে কৰিব পৰা কিছুমান উল্লেখযোগ্য ৰোগ হ'ল – থাইৰ’টস্কিকোচিচ,  নানাধৰণৰ টিউমাৰ, কেঞ্চাৰ, কাৰচিনয়ড চিনড্ৰম, এক্ৰমেগালি, যি কোনো কাৰণত হোৱা জ্বৰ, টিবি,বক্ষ ৰোগ, ডায়েবেটিজ, গাউট,  পাৰকিচনিজম, মেনোপ'জ, মাৰ্কাৰী পইজনিং আদি৷ এনে অৱস্থাক Secondary Generalized Hyperhidrosis বুলিব পাৰি৷ আন হাতে কোনো মেডিকেল কাৰণ নোহোৱাকৈ অতিৰিক্ত ঘাম ওলোৱা অৱস্থাক  Primary Focal Hyperhidrosis বোলে৷ প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ বিশেষত্ব হ'ল - ইয়াৰ লক্ষণসমূহ সাধাৰণতে দুয়োফালে সমান হয়৷ ঘামে দৈনন্দিন জীৱনত ব্যাঘাট ঘটায়৷ সপ্তাহত কমেও এদিন  অতিৰিক্তভাবে ঘামে৷ সাধাৰণতে ২৫বছৰ বয়সৰ আগতেই লক্ষণসমূহ পৰিস্ফুট হয়৷ সাধাৰণতে পৰিয়ালত  একে লক্ষণ আন সদস্যৰো দেখা যায়৷ নিদ্ৰামগ্ন অৱস্থাত সাধাৰণতে ঘাম নোলায়৷ প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ  আৰু কিছুমান লক্ষণীয় দিশ হ'ল - চিন্তা -দূৰ্ভাৱনা হলে গৰম-ঠাণ্ডা ব্যতিৰেকে বেচি ঘামে ৷ আনকি কিছুমান দ্ৰব্যৰ ঘ্ৰাণেও ঘাম ওলিওৱা অৱস্থা কৰিব পাৰে৷ কফি,নিকোটিন,গৰম মছলা আদিৰ সেৱনে বেচিকৈ ঘাম ওলিয়ায়৷ আকৌ ভেচলিন, গ্লিচাৰিন, লেচিথিন, প্ৰপাইলিন গ্লাইকল আদিৰ ব্যৱহাৰে শৰীৰৰ পৰা বেচিকৈ ঘাম বাহিৰ কৰা দেখা যায়৷
       প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ ডায়গ্নচিচ বা চিনাক্তকৰণ মুঠেই জটিল নহয়৷ প্ৰয়োজন সাপেক্ষে  চিকিৎসকে 'ষ্টাৰ্চ-আয়ডিন' বা 'পেপাৰ টেষ্ট' - এই দুবিধ পৰীক্ষাও কৰিব পাৰে৷ কিন্ত জৰুৰী কথা হ'ল আগতে উল্লেখ কৰা আন ৰোগৰ ফলত যে ব্যক্তিজনে ঘমা নাই সেইটো নিশ্চিত হোৱা৷
     চিকিৎসা নকৰিলে হব পৰা জটিলতাসমূহ এনেধৰণৰ - শীতল আৰু অৱশ হাতৰ স্পৰ্শ, ডিহাইড্ৰেচন,  ছালত সংক্ৰমণ, বেক্টেৰিয়া-ইষ্ট আদিয়ে দূৰ্গন্ধৰ সৃষ্টি কৰা, মূৰত উফি হোৱা, মুখ মণ্ডলত শালমন ওলোৱা  আদি৷
     এতিয়া চিকিৎসাৰ বিষয়ে আলোচনা কৰিম৷ বিভিন্ন পদ্ধতিসমূহ হ'ল- (১) এলুনিনিয়াম ক্লৰাইড হেস্কাহাইড্ৰেট (২) আইনোট্ৰফৰেচিচ বা বিদ্যু প্ৰবাহৰ দ্বাৰা (৩) খোৱা এন্টিক’লিনাৰ্জিক ঔষধৰ প্ৰয়োগ (৪) নাৰ্ভ অৱৰোধ  (ব্লক) কৰা ব'টস্ক বেজী (৫) চাৰ্জিকেল বা অস্ত্ৰোপচাৰ পদ্ধতি – এণ্ডোস্কপিক থোৰাচিক চিম্পেথেক্টমী,  লাম্বাৰ চিম্পেথেক্টমী (৬) ইলেক্ট্ৰমেগনেটিক ডিভাইচ মিৰাড্ৰাই (৭) ফিনল বেজী দি নাৰ্ভ ব্লক কৰা ৷
      ১০%ৰ পৰা ২৫% এলুনিনিয়াম ক্লৰাইড হেস্কাহাইড্ৰেট বাহ্যিকভাবে প্ৰয়োগ কৰিলে এসপ্তাহমানত ঘাম ওলোৱা আশিংকভাবে কমিবলৈ ধৰে৷ এনে ৰাসায়নিক দ্ৰব্যক Antiperspirant বোলে৷ ইয়াৰ অসুবিধা হ'ল - ছালত জ্বলা-পূৰাৰ অনুভৱ হয় আৰু কাপোৰত দাগ লাগে৷
           আইনোট্ৰফৰেচিচ বা বিদ্যু প্ৰবাহৰ দ্বাৰা চিকিৎসা কৰাৰ পদ্ধতি ১৯৫০চনৰ পৰা চলি আহিছে৷ ৰোগীয়ে এই সাধাৰণ যন্ত্ৰটো নিজৰ ব্যৱহাৰৰ বাবে কিনি লবলগীয়া হয় আৰু ই ইঞ্চিঅ'ৰেঞ্চৰ মান্যতাপ্ৰাপ্ত৷ এনে চিকিৎসাত হাতৰ বা ভৰিৰ তলুৱাত ১০ৰ পৰা ২০মিনিট সময় বিদ্যু প্ৰবাহিত কৰা হয় সপ্তাহত ৩৷৪দিন কেই সপ্তাহমানলৈ যাৰ ফলত ঘাম ওলোৱা গ্ৰন্থিবোৰ অৱৰোধ হয়৷ গৰ্ভৱতী মহিলা আৰু পেচমেকাৰ ব্যৱহাৰ কৰা ৰোগীৰ ক্ষেত্ৰত ই ব্যৱহৃত নহয়৷
     খোৱা এন্টিক’লিনাৰ্জিক ঔষধৰ প্ৰয়োগে ভালেখিনি উপশম ঘটোৱা পৰিলক্ষিত হয়৷ কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়া হ'ল মুখখন শুকাই যোৱা, দৃষ্টিশক্তিত বিজুতি ঘটা, মূৰঘুৰণি, প্ৰসাৱ বন্ধ হোৱা আদি৷ এটা সময়ত আমাৰ দেশত গেষ্ট্ৰাইটিচ,  পেপ্টিক আলচাৰৰ  চিকিৎসাত এনে জাতীয় ঔষধৰ ব্যাপক প্ৰয়োগ হৈছিল৷ তাৰ কেইটামান সেই সময়ৰ বহুল প্ৰচলিত নাম হ'ল বেলাডোনা ৰিটাৰ্ড (চেণ্ডজৰ দ্বাৰা নিৰ্মিত) ,এন্ট্ৰেনিল ডুপ্লেস্ক (চিবা কোম্পানীৰ দ্বাৰা নিৰ্মিত),  প্ৰবেনথিন ( চাৰ্লেৰ দ্বাৰা নিৰ্মিত)৷ এতিয়া বজাৰত উপলব্ধ  এন্টিক’লিনাৰ্জিক দৰব কিছুমান হ'ল  গ্লাইকোপাইৰ'লেট ('ৰবিনেল'),  অস্কিবুটাইনিন('ডাইট্ৰপান'), প্ৰপানথলিনব্ৰমাইড('প্ৰবেনথিন'), বেঞ্জট্ৰপিন (কগেনটিন), মিথানথেলিন৷এই ক্ষেত্ৰত আমাৰ কবলগীয়া কথা হ'ল যে ৰোগীয়ে নিজাববীয়াকৈ  ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো দৰব ব্যৱহাৰ কৰিব নালাগে৷ চিকিৎসকে প্ৰতিজন ব্যক্তিয়ে খাবলগীয়া দৰবৰ পৰিমাণ, সময় আদি নিৰ্ধাৰণ কৰি দিব৷ এনে ঔষধৰ প্ৰয়োগ বিশেষ দিনৰ বাবে (যেনে বিবাহ, উৎসৱ, পাৰ্টি) বাবে সীমাবদ্ধ ৰাখিব পাৰিলে ভাল৷

      বটস্ক বেজী হ'ল বটুলনিয়াম টাইপ-এ নামৰ নাৰ্ভৰ টস্কিন যাৰ প্ৰয়োগে ঘাম ওলোৱা গন্থিৰ স্নায়ুৰ সংযোগ বিছিন্ন কৰি ঘাম ওলোৱা কমায়৷ইয়াৰ ওপৰিও বটস্ক বেজীৰ আজিকালি কচমেটিকত বহুল প্ৰয়োগ হয় বিশেষকৈ মূখমণ্ডলত পৰা বয়সৰ ছাপ (Wrinkles) আতৰ কৰিবলৈ৷কিছুমান মূৰৰ বিষৰ চিকিৎসাটো  বটস্ক বেজী ব্যৱহৃত হয়৷ঘাইকৈ কাষলতিৰ ঘাম ওলোৱা কমাবলৈ কাষলতিৰ তলত ২০৷২৫ ঠাইত এই বেজী দিলে ৬ৰ পৰা ৯মাহলৈ ফলপ্ৰসু লাভ পোৱা যায়৷
            অস্ত্ৰোপচাৰ পদ্ধতিত নিৰ্দিষ্ট ঘাম ওলোৱা গ্ৰন্থিক বিভিন্ন পদ্ধতিৰে (যেনে কাটি আতৰাই পেলোৱা - লাইপ'চাকচন, কটৰাইজ কৰা, লেজাৰৰ প্ৰয়োগ কৰি) বিকল কৰা হয়৷ এণ্ডোস্কপিক থোৰাচিক চিম্পেথেক্টমী  (ETS)  শৰীৰৰ ওপৰৰ অংশৰ আৰু লাম্বাৰ চিম্পেথেক্টমী (LS) শৰীৰৰ নিম্ন অংশৰ ঘাম ওলোৱা বন্ধ কৰিবলৈ ফলপ্ৰসু ব্যৱস্থা৷ অপাৰেচন কৰা প্ৰায় ৯৫শতাংশ ৰোগীৰ ক্ষেত্ৰতেই ৯৭শতাংশ উপশম হোৱা দেখা গৈছে৷  কেতিয়াবা  নাৰ্ভডাল নাকাটি বান্ধিও ৰখা হয় যাতে পিছত কিবা আৱশ্যক হলে নাৰ্ভডাল পুনৰ সক্ৰিয় কৰিব পাৰি৷ ২০শতাংশৰ পৰা ৮০শতাংশ অস্ত্ৰোপচাৰ কৰা ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া পাৰ্শ্বক্ৰিয়া হ'ল- শৰীৰৰ আন অংশত বেচিকৈ ঘাম ওলাব ধৰা (Compensatory Sweating )৷
       ২০১১চনৰ পৰা আমেৰিকাত ইলেক্ট্ৰমেগনেটিক ডিভাইচ (মিৰাড্ৰাই )ৰ প্ৰয়োগ কাষলতিৰ ঘাম ওলোৱা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে৷ এই পদ্ধতিত ঘাম ওলোৱা গ্ৰন্থিক  উত্তাপ দি ( Thermolysis) অৱৰোধ  কৰা হয়৷
         মোখনিত এটা কথা সকলোকে জনাব খোজোঁ যে ইন্টাৰনেশ্বনেল হাইপাৰ হাইড্ৰচিচ চ'চাইটি (www.sweathelp.org)  নামৰ স্বেচ্ছাসেৱী সংগঠনে বিশ্ব যি কোনো দেশৰ লোককে নানাধৰণৰ বিনামূলীয়া  চিকিৎসা পৰামৰ্শ আগবঢ়াই আহিছে৷ ইচ্ছুক লোককলে  সকলে যোগাযোগ কৰি উপকৃত হব পাৰে৷
      এই বিষয়ে আজিলৈ ইমানেই৷ আৰু অধিক তথ্য পালে পৰবৰ্তী সময়ত পাঠকসকলক অৱগত কৰিম৷


 ৮ ডিচেম্বৰ, ২০১৪

চিকল চেল এনিমিয়া






৩১আগষ্ট ২০১৪ তাৰিখৰ ইণ্ডিয়ান এস্কপ্ৰেছ, দি হিন্দু, টাইমচ অৱ ইণ্ডিয়া আদি সংবাদপত্ৰত গুৰুত্ব সহকাৰে এটি বাতৰি প্ৰকাশিত হৈছিল৷ তাত কোৱা হৈছিল - জাপান ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ক’য়টো ইউনিভাৰ্চিটিলৈ গৈ ২০১২চনৰ ন'বেল বঁটা বিজয়ী শ্বিন্যা য়ামানাকাক সাক্ষাৎ কৰে৷ ষ্টেম-চেলৰ অগ্ৰণী এই গবেষকজনৰ প্ৰয়োগশালাত মোডীয়ে মাইক্ৰস্ক'পত চকু দিয়ে৷ আলোচনাত মোডীয়ে ভাৰতবৰ্ষৰ ট্ৰাইবেল জনতাৰ মাজত ব্যাপ্ত চিকল চেল এনিমিয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰত জাপানৰ প্ৰযুক্তিৰ সহায় বিচাৰে৷ অসমৰ সংবাদ পত্ৰসমূহত এই বাতৰিটো ওলোৱা আমাৰ চকুত নপৰিল৷ কাৰোবাৰ দৃষ্টিগোচৰ হৈছিল যদি আমাৰ ভ্ৰান্তি দূৰ কৰে যেন৷
প্ৰশ্ন হ'ল চিকল চেল এনিমিয়া বা চিকল চেল ডিজিজনো কি ? অসমৰ চাহ বাগানৰ বনুৱাৰ মাজত আৰু সামান্য কিছু পৰিমানে আন লোকৰ মাজতো চিকল চেল এনিমিয়া আছে বুলি জনা যায়৷ ভাৰতবৰ্ষৰ গুজৰাট, মহাৰাষ্ট্ৰ, ওৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তিছগড়,তামিলনাডু আৰু কেৰেলাৰ ট্ৰাইবেল লোকৰ মাজত এইবিধ ৰোগ দেখা যায়৷ বিশ্বৰ অন্যান্য ৰোগাক্ৰান্ত অঞ্চলসমূহ হ'ল - আফ্ৰিকা, ভূমধ্য সাগৰীয় অঞ্চল, চৌডি আৰব, ৱেষ্ট ইণ্ডিজ, উত্তৰ আৰু মধ্য আমেৰিকা, ব্ৰাজিল, কিউবা, ফ্ৰান্স আদি৷ ই হ'ল এটি বংশানুক্ৰমে চলা জেনেটিক ৰোগ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত Autosomal recessive inheritance বুলি কয়৷ সহজ ভাষাত কবলৈ হলে পিতৃ আৰু মাতৃ উভয়ৰে পৰা বিজুতি থকা জিন সন্তানলৈ আহিলে সন্তানৰ গাত ৰোগে দেখা দিয়ে৷ পিতৃ-মাতৃৰ ভিতৰৰ এজনে চিকল চেল জিন সন্তানলৈ প্ৰেৰণ কৰিলে সন্তানজন অসুখত নোভোগে, বৰঞ্চ তেওঁ ৰোগৰ বাহক (Carrier) হৈ পৰে৷ তেওঁৰ ৰক্তত স্বাভাবিক হিমগ্লবিন থকাৰ ওপৰিও কিছু পৰিমাণে বিজুতিযুক্ত চিকল চেলো থাকে৷ এনে অৱস্থাক "চিকল চেল ট্ৰেইট" বোলে৷ চিকল চেল ট্ৰেইট থকা লোকে নিজৰ সতি-সন্তানলৈ বিজুতি থকা জিন প্ৰেৰণ কৰে৷ আকৌ দুজন চিকল চেল ট্ৰেইট থকা দম্পত্তিৰ সন্তানৰ ২৫শতাংশ চিকল চেল এনিমিয়াৰ ৰোগী; ২৫শতাংশ স্বাভাবিক হিমগ্লবিন যুক্ত; ৫০শতাংশ কেৰিয়াৰ হোৱা পৰিলক্ষিত হয়৷ তলৰ সংলগ্ন চিত্ৰসমূহ চালে কথাখিনি পাঠকৰ সহজে বোধগম্য হব৷
আফ্ৰিকান আমেৰিকানসকলৰ প্ৰতি ৫০০ নৱজাতকৰ ভিতৰত এজনৰ চিকল চেল এনিমিয়া ৰোগ হোৱা পৰিলক্ষিত হয়৷ আকৌ প্ৰতি ১২জনৰ ভিতৰত এজন আফ্ৰিকান আমেৰিকানৰ চিকল চেল ট্ৰেইট দেখা যায়৷ আজিকালি আমেৰিকাত প্ৰত্যেক নৱজাতকৰ তেজৰ ইলেকট্ৰফৰেচিচ কৰি হিমগ্লবিন টাইপ নিৰ্ণয় কৰে৷
পাঠকসকলক এই চেগতে জনাব খোজোঁ যে প্ৰাপ্তবয়স্কৰ স্বাভাবিক হিমগ্লবিন হ'ল Hb-A ৷ ভ্ৰুণত আৰু নৱজাতকৰ হিমগ্লবিনৰ টাইপটো হ'ল Hb –F৷ কিছুমান প্ৰাপ্তবয়স্কৰ Hb- A2 কম পৰিমানে দেখা যায়৷থেলাচেমিয়া ৰোগীৰ Hb-Aকম আৰু Hb-F বেচি দেখা যায়৷ অসমত বুজন সংখ্যক লোকৰ থেলাচেমিয়া আছে৷ কমেও ৩৫০বিধ অস্বাভাবিক হিমগ্লবিনৰ ভিতৰত কিছুমান হ'ল : Hb -S চিকল চেল ডিজিজৰ সৈতে জড়িত৷ Hb – D কিছুমান চিকল চেল ডিজিজত দেখা যায়৷ Hb – C য়ে অক্সিজেন ভালদৰে বহন কৰিব নোৱাৰে৷ Hb -E কিছমান দক্ষিণ পূৱ এচিয়াৰ লোকৰ তেজত দেখা যায়৷ ইলেকট্ৰফৰেচিচৰ দ্বাৰা হিমগ্লবিনৰ প্ৰজাতি চিনাক্ত কৰা হয়৷
                       





আশ্চৰ্য্যজনক কথা পশ্চিম আফ্ৰিকাৰ আদিবাসীলোকৰ মাজত কেইবা শতিকাৰ পৰা চিকল চেল ডিজিজৰ বিষয়ে জ্ঞান আছিল আৰু এই ৰোগক নানা থলুৱা দোৱানেৰে মাতিছিল৷ ১৯১০চনত আমেৰিকান চিকিৎসক জেমছ বি হেৰিকে ৱেষ্ট ইণ্ডিজৰ এজন এনিমিয়া হোৱা ৰোগীৰ কাঁচি আকৃতিৰ ৰক্তকোষ থকা বুলি পোন প্ৰথম বাৰৰ বাবে নিজৰ লিখনিত ব্যক্ত কৰিছিল৷ এইখিনিতে পাঠকসকলক জনাওঁ যে তেজৰ ৰক্ত কণিকাৰ (Red Blood Cellৰ ) আকৃতি ঘূৰণীয়া আৰু ই কোমল আৰু অতি সহজে তেজৰ ক্ষুদ্ৰ নলী সমূহৰ মাজেৰে প্ৰবাহিত হব পাৰে৷ তেজৰ ৰক্ত কণিকাৰ কাম হ'ল হাওঁফাওঁৰ বিশুদ্ধ অস্কিজেনক শৰীৰৰ বিভিন্ন কোষলৈ লৈ যোৱা৷ ইয়াৰ বিপৰীতে যেতিয়া ইয়াৰ আকৃতি কাঁচিৰ দৰে (Sickle-shaped) হয়, ই কঠুৱা, সহজে ভংগুৰ আৰু ক্ষুদ্ৰ নলী সমূহৰ মাজেৰে প্ৰবাহিত সহজে হব নোৱৰা হৈ সমস্যাৰ অৰ্থাৎ ৰোগৰ লক্ষণসমূহ উৎপন্ন কৰে৷ কাঁচিৰ আকৃতিৰ কণিকা ভাঙি গলে সহজে গোট মাৰে বা লডা বান্ধে (Clot formation)৷ ইয়াৰ ওপৰিও স্বাভাবিক ৰক্তকণিকাৰ আয়ু ১২০দিন, কিন্ত চিকল চেলৰ আয়ু বৰ বেচি কুৰি দিন৷ যাৰ ফলত ৰক্তহীনতা বা এনিমিয়াই দেখা দিয়ে আৰু ৰোগীয়ে সকলো সময়তে ক্লান্তিবোধ কৰে৷
১৯২২ চনত ভেমে মেচন নামৰ বিজ্ঞানীজনে চিকল চেল এনিমিয়াৰ পুনৰ বৰ্ণনা আগবঢ়ায়৷ এই ৰোগ বংশ গতিৰ লগত জড়িত বুলি ১৯৪০-১৯৫০চনত চিনাক্ত কৰা হয়৷ ১৯৯৫চনত হাইড্ৰক্সিইউৰিয়া নামৰ ঔষধে চিকল চেল এনিমিয়া ৰোগত বহুলাংশে উপকাৰ কৰাৰ কথা প্ৰমাণিত হয়৷ ২০০৭চনত ব’ন মেৰো ট্ৰান্সপ্লান্টে (Bone Marrow Transplant) এই ৰোগৰ চিকিৎসাৰ নতুন সম্ভাৱনাৰ দুৱাৰ উন্মোচন কৰে৷
চিকল চেল ডিজিজৰ লক্ষণসমূহ জন্মৰ ৬মাহ মানৰ পিছৰ পৰা এটা দুটাকৈ দেখা দিব ধৰে৷ আগৰ দিনত এনে ৰোগীৰ আয়ুস কষ্টপ্ৰদ জীৱনৰ সৈতে দেড়কুৰি হোৱাৰ বিপৰীতে আজিৰ আধুনিক চিকিৎসাৰ ফলত কম কষ্টদায়ক আয়ুস আঢৈ কুৰিৰ ওপৰ হোৱাটো সম্ভৱপৰ হৈছে৷ লক্ষণসমূহ হস্ৰকালীন বা দীৰ্ঘকলীন, সাধাৰণ বা গুৰুতৰ হব পাৰে৷ যি কোনো গুৰুতৰ অৱস্থাক সংকট কাল বা ক্ৰাইচিচ বুলি আখ্যা দিয়া হয়৷
এনিমিয়াৰ পিছত দেখা পোৱা জৰুৰী লক্ষণ হ'ল বিষ৷ চিকল চেলে বুকুৰ, পেটৰ, গাঠিৰ তেজৰ ক্ষুদ্ৰ নলীসমূহ অৱৰোধ কৰাৰ ফলত বুকুত, পেটত, গাঠিত, হাঁড়ত বিষ অনুভৱ হব পাৰে৷ বিষত তীব্ৰতা সামান্যৰ পৰা চিকিৎসালয়ত ভৰ্তি হবলগীয়াকৈ বেচি হব পাৰে৷ হাত বা ভৰি ফুলি উঠাতো কোনোবা ৰোগীৰ চিকল চেল ডিজিজৰ প্ৰথম লক্ষণো হব পাৰে৷
সঘনাই হোৱা সংক্ৰমন (Infection ) চিকল চেল ডিজিজৰ এক লক্ষণ৷ ৰোগ প্ৰতিৰোধত অৱদান আগবঢ়োৱা প্লীহাৰ ক্ষতিৰ ফলত এনে হব পাৰে৷ ৰোগ প্ৰতিৰোধক ছিটা আৰু এন্টিবায়টিকৰ ব্যৱহাৰ সেয়ে অতি জৰুৰী৷ অন্যথাই সাধাৰণ নিউমোনিয়া অসুখেও জীৱন বিপদাপন্ন কৰি তুলিব পাৰে৷ চিকল চেল ডিজিজৰ জটিল ৰূপ হ'ল - ষ্ট্ৰকৰ (Stroke ) ফলত হোৱা নানা পৰ্যায়ৰ পক্ষাঘাট৷ একিউট চেষ্ট চিনড্ৰমত উশাহ লোৱাত কষ্টহৈ মৃত্যু পৰ্যন্ত হব পাৰে৷ ৰেটিনা বিনষ্ট হোৱাৰ ফলত অন্ধতা, কিডনি বা আন যি কোনো অংগৰ গুৰুতৰ ক্ষতি, পুংজননান্দ্ৰৰ ক্ষতিৰ ফলত যৌন অক্ষমতা, জণ্ডিচ আৰু পিত্তত পাথৰ হোৱা, ভৰিত ঘা হোৱা আদি৷
থুলমুলকৈ চিকিৎসাৰ এটি আভাস এতিয়া দাঙি ধৰিম - যথোপযুক্ত এন্টিবায়টিক, বিষনাষক ননষ্টেৰইডেল এনালজেচিক, সময়ে সময়ে অস্কিজেন আৰু ৰক্ত প্ৰদান, প্ৰতিষেধক ছিটাৰ দ্বাৰা সুৰক্ষা, ফলিক এচিড, ভিটামিন আৰু প্ৰয়োজনীয় লাগতিয়াল নানাধৰণৰ সহায় যেনে চকুৰ চিকিৎসা,অপাৰেচন আদি৷
হাইড্ৰক্সিইউৰিয়া নামৰ ঔষধৰ দৈনিক প্ৰয়োগে সংকটকাল (Crisis) হ্ৰাস কৰে৷ এইবিধ দৰবে Hb -F উৎপন্ন হবলৈ প্ৰোৎসাহন যোগায় যাৰ ফলত তেজত Hb-S কম হবলৈ ধৰে৷ হাইড্ৰক্সিইউৰিয়া ব্যৱহাৰ কৰিলে কমকৈ ৰক্তদানৰ আৱশ্যকতা হয়৷ মুঠতে চিকল চেল ডিজিজৰ জটিলতা ৰোধ কৰাত এইবিধ ঔষধ উপযোগী সিদ্ধ হৈছে৷
ব'ন মেৰ' ট্ৰান্সপ্লান্ট বা ষ্টেম-চেল থিৰাপি এই ৰোগৰ এক যুগান্তকাৰী চিকিৎসা পদ্ধতি৷ পোনতে কেমথিৰাপি বা ৰেডিয়েচন দি চিকল চেলসমূহ বিনষ্ট কৰি লোৱা হয়৷ তাৰ পিছত ইন্ট্ৰাভেনাচ পদ্ধতিৰে শৰীৰত সুস্থ দাতাৰ পৰা সংগ্ৰহ কৰা ষ্টেম-চেল প্ৰদান কৰা হয়৷ ৰোগীৰ হাঁড়ৰ মজ্জাৰ পৰা এটা সময়ত স্বাভাবিক হিমগ্লবিন উৎপন্ন হবলৈ ধৰে৷ ট্ৰান্সপ্লান্টৰ পিছত ৰোগীয়ে চিকিৎসকৰ তত্বাবধানত থাকি কিছুমান দৰব সেৱন কৰিবলগীয়া হয় যাতে ষ্টেম-চেলখিনি অগ্ৰাহ্য (Rejection) নহয়৷
ইয়াৰ ওপৰিও দেখা গৈছে তেজত চৰ্বি কমোৱা 'ষ্টেটিন' জাতীয় দৰবে চিকলচেল এনিমিয়াৰ তেজ চলাচলৰ বিজুটি হ্ৰাস কৰে৷ নইট্ৰিক এচিড গেছৰ প্ৰয়োগে ৰোগীৰ তেজৰ নলীৰ অৱৰোধ খোলাত সহায়ক হব নেকি তাৰো প্ৰয়োগ কৰি থকা হৈছে৷
আজিকালি গৰ্ভৱতী মহিলাৰ এমনিয়টিক ফ্লুইড পৰীক্ষা কৰিও গৰ্ভস্থ সন্তানৰ হিমগ্লবিন টাইপ চিনাক্ত কৰি প্ৰয়েজনসাপেক্ষে ভবিষ্য পৰিয়াল পৰিকল্পনা কৰা হয়৷
মোখনিত এটা কথাই উল্লেখ কৰিম যে আজিকালি বিজ্ঞানীসকলে জিন থিৰাপিৰ দ্বাৰা চিকল চেল ডিজিজ জাতীয় জেনেটিক ৰোগৰ চিকিৎসাৰ দিশত মনোনিবেশ কৰিব ধৰিছে আৰু অনাগত ভবিষ্যতত সুফলৰ প্ৰতীক্ষা কৰিছে৷

 ১১ ডিচেম্বৰ ২০১৪, ডোহা, কাটাৰৰ পৰা


Total Pageviews