Translate

Thursday, October 8, 2015

কাটাৰৰ ডায়েৰী : ডোহাৰ প্ৰমুখ ডাকঘৰ আৰু অন্যান্য বিষয়

       
কেইদিনমানৰ আগতে মোৰ চেম্বাৰলৈ এজন ডেকা 'ৰা আহিছিল নিজৰ অসুখ দেখুৱাবলৈ৷ অসুখ পৰীক্ষা কৰাৰ আগতে মই সদায়েই প্ৰত্যেকজন নতুন ৰোগীৰ চমু পৰিচয় এটি লৈ লওঁ৷ যুৱকজনৰ পৰা গম পোৱা কথাখিনিৰ সাৰাংশ ' : নাম তেওঁৰ চাদ্দাম হুছেইন৷ ঘৰ অসমৰ কৰিমগঞ্জত৷ শিক্ষা অষ্টম শ্ৰেণীলৈকে পঢ়া৷ এজেন্টক ৬০হাজাৰ টকা দি কাটাৰ ৰেলৰ  চতুৰ্থবৰ্গৰ চাকৰিত সোমাইছেহি৷ ঘৰত মাক-দেউতাক আৰু ভায়েক ভনীয়েক আছে৷ দৰমহা আৰু অভাৰটাইম মিলাই মাহে ১২শ ৰিয়াল দৰ্মহা পায়৷ খোৱা আৰু থকাৰ ব্যৱস্থা কোম্পানীৰ৷ মই ইয়াত কাম কৰা বুলি জানি অইন সহকৰ্মীৰ ওচৰত গৌৰৱ কৰে “আমাৰ নিজা ঠাইৰ ডাক্তৰ বুলি৷ চেম্বাৰ এৰিবৰ সময়ত নিজৰ 'বাইলত মোৰ সৈতে আনন্দমনেৰে কেইখনমান ফটোও উঠিলে৷ চাদ্দামে  প্ৰেচক্ৰিপচনখনত ব্যৱহাৰৰ বিধান অসমীয়াত লিখিবলৈ অনুৰোধ জনালে৷

     এটা কথা লক্ষ্য কৰি মই কিছু পৰিমাণে চিন্তিত হওঁ৷  মোৰ বাংলাদেশী আৰু নেপালী  বহুতো ৰোগীয়ে কয়অসমত আমাৰ ভালেকেইজন আত্মীয়ৰ ঘৰ৷ কথাষাৰ নিশ্চয় মোক ভালৰি লগাবলৈ কোৱা নহয়৷ দুই এক ব্যতিক্ৰমৰ বাহিৰে প্ৰায়বিলাক ৰোগীয়েই মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই মোৰ কোঠাত প্ৰবেশ কৰে৷ যাবৰ সময়ত চালাম, শুক্ৰিয়া, নমস্কাৰধন্যবাদৰ ওপৰিও দুই একে কৰমৰ্দন বা সেৱা জনাই বিদায় লয়৷ মোৰ ওচৰত থকা সময়খিনিত নিজক উজাৰি দি হয়তো  সকাহ পায়৷ ময়ো সময়খিনিক উপভোগ কৰোঁ কাৰণ মই যদি কাৰোবাৰ বাবে আশ্ৰয় যেন হব পাৰোঁ তাতে ক্ষতি কি ?


     পেচেন্টৰ জগতখনৰ পৰা এইবাৰ বাহিৰলৈ ওলাই আহোঁ৷ সিদিনা মোলৈ 'বাইলত মেছেজ আহিল - 'আপোনাৰ এখন নতুন ডেবিট কাৰ্ড ডোহাৰ মূল ডাকঘৰলৈ প্ৰেৰণ কৰা হৈছে৷ অনুগ্ৰহ কৰি অনতিপলমে সেইখন সংগ্ৰহ কৰক' কৰনীচৰ ৱেষ্টবে অঞ্চলত থকা বিশাল জি পি ' ভৱনটোত সেইমতে পিছদিনাখন গৈ ওলালোঁগৈ৷ ৩৩,৫৪০ স্কোৱাৰমিটাৰ জুৰি থকা সেই ভৱনটোৰ নিৰ্মাণ কাৰ্য চাবলগীয়া৷ তাত ২৫হাজাৰটা ইলেকট্ৰনিক কম্পিটৰাইজড 'ষ্টবক্সৰ সুবিধা আছে৷ ১৯৮৮ চনত মহম্মদ চৈফ বিন মডহাডিৰ সপোনৰ এই প্ৰকল্পটোৰ শুভ উদ্বোধন হয়৷ যেহেতুকে  প্ৰবাদমতে এটা সময়ত পাৰ চৰাইয়ে ডাকোৱালৰ কাম কৰিছিল সেয়ে ডাকঘৰ ভৱনটোৰ বাহ্যিক দিশটো  জাকজাক পাৰ চৰাইৰ বাঁহৰ আকাৰ দি সজোৱা হৈছে৷

      ডাকটিকট সংগ্ৰহালয় বিভাগটোৰ পৰা মই কেইবাটিও বেলেগ বেলেগ মূল্যৰ বেলেগ বেলেগ চাইজৰ টিকট সংগ্ৰহৰ বাবে কিনি লওঁ৷ উল্লেখযোগ্যযে যোৱা   জুন তাৰিখে বিশ্বৰ ১৭৭ খন দেশে 'বিশ্ব যোগ দিবস'  পালন কৰিবৰ দিনা কাটাৰেও এটি ৰঙীন ডাক টিকটৰ চিৰিজ জাৰী কৰে৷ ভাৰতবৰ্ষৰ সন্মানীয় ৰাজদূত সঞ্জীৱ অৰোৰা আৰু কাটাৰৰ বৈদেশিক বিভাগৰ  মন্ত্ৰী আৰু কাটাৰৰ ডাকবিভাগৰ চেয়াৰমেন সেই উপলক্ষে আয়োজিত সভাত উপস্থিত আছিল৷ কাটাৰে আমাৰ দেশৰ প্ৰতি দেখুৱাই অহা সদ্ভাৱৰ এয়া এক উদাহৰণ৷


1 comment:

  1. The Venetian® at The Venetian® at The Venetian® - Mapyro
    The 경주 출장마사지 Venetian® at The Venetian® at The 서울특별 출장안마 Venetian® · More 오산 출장마사지 information. Hours, Accepts Credit Cards, 경상남도 출장안마 Attire, Wi-Fi, PokéStop, PokéStop 김제 출장마사지 Nearby.

    ReplyDelete

Total Pageviews