Articles in Assamese on various topics like health,travel, literature etc. are available in this blog.
Translate
Tuesday, July 24, 2012
দৰবৰ বিজ্ঞাপনৰ পৰা সাবধান !
সাবধান বাণী - বিজ্ঞাপনত ভোল গৈ ডাক্তৰৰ অজ্ঞাতে কোনো দৰব নাখাব৷ প্ৰপেচিয়া ( Propecia ) জেনেৰিক নামৰ ঔষধ ন্যুনতম ছমাহ, পাৰিলে এবছৰ বা তাতোকৈ অধিক দিন খালে মতা মানুহৰ তপা মূৰত চুলি গজে৷ সফলতাৰ হাৰ ৯০%৷ কিন্তু ইয়াৰ পাৰ্শ্ব ক্ৰিয়া (২%) কেইটা সাংঘাটিক ৷ যৌন ক্ষমতা হ্ৰাস, বীৰ্য্যৰ ( Semen) পৰিমাণ কমি যোৱা, পুৰুষজনৰ স্তন মহিলাৰ দৰে বাঢ়ি যোৱা ( Gynaecomastia ), প্ৰষ্টেটৰ কেঞ্চাৰক গোপন কৰা আদি৷ পি এচ এ (PSA) বা প্ৰষ্টেট স্ফেচিফিক এন্টিজেনৰ পৰিমাণ চাই প্ৰষ্টেটৰ কেঞ্চাৰৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হয়৷ প্ৰপেচিয়া তপা চুলি গজোৱাৰ বাহিৰে প্ৰষ্টেটৰ নিৰীহ বৃদ্ধিৰ ( Benign Prostatic Enlargement) চিকিৎসাৰ বাবেও ব্যৱহাৰ হয়৷ প্ৰপেচিয়া খালে তেজত প্ৰষ্টেট স্ফেচিফিক এন্টিজেন কমি যায়৷
গৰ্ভৱতী মহিলাই ভঙা প্ৰপেচিয়া টেবলেট স্পৰ্শ কৰিলে গৰ্ভস্থ সন্তানৰ জননেন্দ্ৰিয়ৰ বিকৃতি ঘটিব পাৰে৷ পুৰুষৰ তপা চুলি গজাবলৈ মিনঅস্কিডিল (Minoxydil) স্প্ৰেও ব্যৱহৃত হয়৷ দুয়োবিধ ঔষধৰ ক্ষেত্ৰতেই ঔষধ এৰাৰ কেইমানমান পিছৰ পৰা গজা চুলি সৰিবলৈ আৰম্ভ কৰে৷
ব্ৰিটেইনৰ ডেইলি মিৰৰত অলপতে প্ৰকাশিত এটি বাতৰিমতে আমেৰিকাৰ ৩৮ বছৰীয়া ৱিলিয়ম মেকী নামৰ ব্যক্তিজনৰ ৯ মাহ প্ৰপেচিয়া খোৱাৰ পিছত স্তন মহিলাৰ দৰে হৈ পৰে আৰু নিতম্ব দুটায়ো মহিলাৰ দৰে বহল হৈ পৰে৷ তেওঁ এটি সন্তানৰ পিতৃও৷ বংশানুক্ৰমে তেওঁ কম বয়সতেই তপা হব আৰম্ভ হৈছিল৷ নতুন দৰবৰ সেৱনৰ ফলত মূৰত কিন্তু তেওঁৰ চুলি নাহিল৷ ঘটিল এই অঘটনহে৷ এতিয়া নিৰুপায়হৈ পিন্ধিছে মহিলাৰ পোচাক আৰু বাতৰিৰ মতে বেচেৰাই এতিয়া লিংগ-পৰিবৰ্তন অপাৰেচন কৰাবলৈ মন মেলিছে ৷

Aftar Hussain Chowdhury চুলি গজাবলৈ সহজ, বিপদমুক্ত কিবা উপায় আচে নেকি? মোৰ বংশৰ গোটেই মতা মানুহখিনিৰ চুলি বিয়াৰ আগতেই সৰি পৰে৷ বিয়াৰ বাকী তপা কেইজনমান আছে৷

DrBhupendra Saikia মই যি বুজিলোঁ তপা মূৰৰ আটাইতকৈ নিৰাপদ আৰু সফল ব্যৱস্থা হ'ল- ৱিগ৷ দক্ষিণ ভাৰতৰ কেৰেলাৰ সৰু বৰ প্ৰায়বোৰ চহৰতেই এনে ৱিগৰ বিপনি আছে৷ মান অনুসৰি ৱিগৰ মূল্য ৫ৰ পৰা ১৫হেজাৰ টকা৷ তেওঁলোকে ইমান সুন্দৰকৈ ফিটিং কৰি দিয়ে যে যাৰ মূৰত লাগি আছে,তেওঁ নিজে নকলে সেইয়া আচলনে নকল ধৰাই টান৷মই মালদ্বীপত চাকৰি কৰোতে এজন ডাক্তৰ আৰু এজন এস্কৰে টেকনিচিয়ানক বন্ধত ঘৰলৈ গৈ ঘূৰি আহোতে এনেদৰে ন-ৰূপলৈ অহা দেখা পাইছিলোঁ৷ চিনে-জগতৰ বিখ্যাত অভিনেতা ৰাজকুমাৰে ৱিগ ব্যৱহাৰ কৰাৰ কথা কোনে নাজানে ? আজিকালি এনে ৱিগৰ ভাৰতীয় কোম্পানীয়ে ভাৰতৰ বিভিন্ন চহৰৰ ওপৰিও বিদেশলৈও (UAE ) ব্যৱসায় সম্প্ৰসাৰিত কৰিছে৷ তপা চুলিৰ নিৰাপদ চিকিৎসাৰ বিষয়ে আৰু কিবা তথ্য জনা থাকিলে গোটৰ সদস্যসকলে জনাব পাৰে ৷
8 hours ago · · Aftar + 3 others
Aziz-ul Haque তপা হ’লে কিনো হানি? কৃতিমভাৱে চুলি গজোৱাতকৈ স্বাভাৱিক তপা হৈ থকায়ে ভাল। পিচে ডাক্তৰৰ পৰামৰ্শ সুকীয়া হ’ব পাৰে।

Pankaj Neog মই জনাত ছুলিৰ গুৰিটো ৱান-ৱে জাতীয়... বাহিৰৰ পৰা ঔষধেই হওক বা তেলেই হওক গুৰিৰ ভিতৰলৈ পঠাব নোৱাৰি... ছুলিৰ বাবে প্ৰয়োজনীয় সাৰ-পানী আমাৰ খাদ্যৰ পৰাই পোৱা যায়
8 hours ago · · Aftar + 2 others
DrBhupendra Saikia সেই বিজ্ঞাপনবোৰ ৯০% মিথ্যাচাৰ ৷ প্ৰান্তিকত এজনে নিজৰ অভিজ্ঞতা লিখিছিল ক'লা তিল তিয়াই মূৰত লেপ হিচাবে ব্যৱহাৰ কৰি উপকৃত হোৱা বুলি৷ এটা কথা ঠিক চুলি সম্পূৰ্ণকৈ গূৰিৰ সৈতে সৰি গলে লগতে বংশগতিও যোগ হলে চুলি এলোপেথিক বা আয়ুৰ্বেদিক ঔষধে গজাব নোৱাৰে৷ সুন্দৰ চুলিয়ে পুৰুষৰো শিৰৰ শোভা বঢ়ায় বাবেই চুলি কেইডালৰ প্ৰতি মানুহৰ মোহ ৷
8 hours ago · · Aftar + 1 other
Uddip Talukdar তপা মূৰত নিৰাপদ উপায়ে চুলি গজোৱা উপায় উদ্ভাৱনা কৰাজনক নোবেল প্ৰাইজ নিদিলেও, ইমান মোটা অংকৰ টকাৰে কোম্পানীয়ে পেটেন্ট কিনিব যে সেইটো চব বাতৰি-কাকততে অহাটো খাটাং। সেয়ে যেতিয়ালৈ বাতৰি-কাকতৰ সম্মুখ পৃষ্ঠাত এইটো বাতৰি দেখা নাপায়, তেতিয়ালৈ চুলি গজোৱাৰ বাবে পইচা খৰচ নকৰিব।
7 hours ago · · You + 4 others
Diganta Saikia "Hair Transplantation " কৃতকাৰ্য্য হৈছেনে ? .. নে পিচত পানী নোহোৱা চিৰাল ফাত মেলা পথাৰৰ কঠিয়াৰ দৰে অৱস্থা হয় !!

Dipul Haloi তপা হৈ থকাই ভাল | আমাৰ এজন চাৰে তপা হোৱাৰ এটা সুফল কৈছিল | ইয়াত নকও দিয়ক লাজ লাগে |
5 hours ago · · Aftar + 1 other
DrBhupendra Saikia থেলা-হেঁচাৰ কোবত এজন ল'ৰাক বুঢ়াই খঙেৰে কলে- তই কি মোৰ মূৰৰ ওপৰত উঠিবি ?
ধমকিত থতমত খোৱা ল'ৰাজনে বুঢ়াৰ জিলিকি থকা তপা মূৰটোলৈ চাই কলে - ভয় লাগে ৷ পিছলি পৰিম !
* ডা০দীপুল শালৈ = আপোনাৰ ৰসৰ ভাগ ৰাজহুৱা কৰক৷
5 hours ago · · Aftar + 6 others
Diganta Saikia হোম মিনিষ্টাৰসকলৰ বাবে বাবে সুখবৰ ! গেচৰ চিলিন্ডাৰৰ নাটনিৰ দিনত গৰম দিনত কণী ভাঙি আমলেট, ৰুটি সেকা, ইত্যাদি কাম কৰিবলৈ বৰ সুবিধা ... অলপ প্ৰেচাৰ হাই কৰি ললেই হ'ল !!
4 hours ago · · You + 1 other
Pratim Pratap Baruah মাজে মাজে দুদাল এডাল চুলি পকিছে, আগফালে চুলি অলপ পাতল হৈছে, কিছু চুলি সৰি কপালখন আগতকৈ অলপ ডাঙৰ দেখাইছে, দেহটো কিন্তু ঠিক আছে (মানে বেমাৰ আজাৰ নাই), স্বাস্থ্যও ঠিক হৈ আছে (ক’তো অকনো মেদ জমা হোৱা নাই) - এনেকুৱা এটা অৱস্থা মোৰ ভাল লাগে | সৰি যোৱা চুলিখিনিৰ বাবে চিন্তা কৰিবলৈ নাই, পকা চুলি কলা কৰিবলৈ চুলিত কিবাকিবিখন লগাবলৈ নাই | বয়স যে হৈছে সেইটো মানুহে জানিব লাগে |
লগৰ এটাই তপা মূৰত চুলি লগাই আনিছিল এবাৰ | তাৰ শোচনীয় অৱস্থা দেখিছিলো | মাহে মাহে য’ত নকলী চুলিখিনি লগাইছিল তালৈ যাব লাগে বাকী আচল নিজৰ চুলিখিনি কটাবলৈ | নিজৰ চুলিখিনি বাঢ়ি আহে, লগাই লোৱা চুলিখিনি নাবাঢ়ে | দেখিবলৈ অবলং টাইপৰ কিবা এটা হয় |
Subscribe to:
Posts (Atom)

