সাধুকথা - ডাক্তৰৰ
ডাক্তৰ এজনে চিকিৎসালয়ৰ জৰুৰী ফোন পাই খৰখেদাকৈ আহি গম পালে
- অপাৰেচন কক্ষলৈ দূৰ্ঘটনা হোৱা যুৱক এজনক নিয়া হৈছে৷
তেওঁ খৰখেদাকৈ অ' টিত প্ৰবেশ কৰিব লওঁতে দূৰ্ঘটনা হোৱা যুৱকৰ পিতৃয়ে অনেক কৰ্কথনা কৰিলে
-০- আপোনালোকে দায়িত্ব নুবুজে, ইমান দেৰী লগাইছে হস্পিতেল পাওঁতে- নিজৰ ল'ৰাৰ এনেকুৱা হলে বুজিলেহেতেন৷
এঘন্টাৰ মূৰত সামান্য হাঁহিৰে ডাক্তৰ অপাৰেচন কক্ষৰ পৰা ওলাই আহিল আৰু যুৱকৰ পিতৃক কলে - ভগবানক ধন্যবাদ৷ ল'ৰাজন বিপদমুক্ত হ'ল৷যুৱকৰ পিতৃয়ে আৰু কিবা কিবি সুধিলে যদিও উত্তৰ নিদি তেওঁ চিকিৎসালয় ত্যাগ কৰিলে৷
মানুহজনে তেতিয়া ডিউটিত থকা নাৰ্চক কলে- কি অভদ্ৰ এই ডাক্তৰজন !
নাৰ্চে কলে : চাৰৰ ডেকা পুতেকৰ কালি অকাল মৃত্যু হৈছে৷
আপোনাৰ ল'ৰাৰ অপাৰেচন কৰিবলৈ তেখেতে নিজৰ লৰাক শশ্মানত দাহ নকৰাকৈ দৌৰি আহিছে !
No comments:
Post a Comment