Translate

Wednesday, November 26, 2014

প্ৰবাসত চাকৰিৰ মৰীচিকা

     মোৰ সহায়কাৰী ফিলিপিনো মেল নাৰ্চ দুজনৰ সামান্য বাধা নেওচি এজন ত্ৰিশ বছৰীয়া স্বাস্থ্যবান ডেকা ল'ৰা চুচুক-চামাককৈ মোৰ চেম্বাৰৰ কোঠালৈ সোমাই আহিল৷ ডেকাজনৰ মুখত অনেক চিন্তাৰ ৰেখা৷ চালাম জনাই বাংলা ভাষাতে যিখিনি কথা জনালে তাৰ সাৰাংশ হ'ল - কাটাৰৰ "ফ্ৰি ভিছা"লৈ চাকৰিৰ সন্ধানত এই দেশলৈ আহিবৰ  প্ৰায় এবছৰেই হ'ল কিন্তু কোনো সংস্থাপন আজিলৈ লগা নাই৷ ("ফ্ৰি ভিছা" বুলি আইনত কোনো  ভিছাৰ প্ৰবিধান নাই৷ যি কোনো এটা ট্ৰেড (যেনে ড্ৰাইভাৰ, কাৰপেন্টাৰ,পেইন্টাৰ আদি) লিখি ভিছা এখন ওলিওৱা হয়৷ সেই ভিছাখন এজেন্টে মনে বিচৰা মূল্যত বিদেশলৈ চাকৰিৰ সন্ধানত আহিব বিছৰা অশিক্ষিত বা অৰ্ধশিক্ষিত লোকক বিক্ৰী কৰে৷ভিছালৈ অহালোকজনে স্পঞ্চৰৰ ছাঁটোও দেখিবলৈ নাপায়৷ বিদেশত আহি অ'ত ত'ত চাকৰি বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰে৷কাচিৎ কোনোবা স্থানীয় দয়ালু লোকৰ  সংস্পৰ্শলৈ আহিলে  ৱৰ্ক ভিছা বা নিগাজি  ৰেচিডেন্ট ভিছা পালে থানথিত লাগে৷ অন্যথাই আজি এঠাইত কাইলৈ এঠাইত মনে মনে হাজিৰা কাম যেনে  হোটেলত বাচন ধুৱা, মলত গাড়ী চাফা কৰা, কাৰোবাৰ ঘৰুৱা কাম কৰা আদি কৰি যেনে তেনে পেট প্ৰৰ্বতায়৷ কাটাৰী পুলিচৰ হাতত ধৰা পৰিলে জেল-জৰিমনাও হয় গতিকে  ঘৰলৈ টকা পঠোৱাৰ প্ৰশ্নই নুঠে৷ বাংলাদেশ, নেপালৰ বাহিৰে কিছুমান দুখীয়া আফ্ৰিকান দেশৰ পৰাও এনেদৰে ভাগ্যৰ সন্ধানত অহা অহা লোক মই লগ পাইছোঁ৷ এনে অদৃষ্ট ভাগ্যান্বেষী লোকৰ তুলনাত তেনেই কম বেতনত কাম কৰিবলৈ অহা লোকসকলক ভাগ্যশালী বুলিয়েই কব লাগিব৷ কম দৰ্মহা পালেও বিনামূলীয়া থকা আৰু খোৱাৰ সুবিধা, লগতে আইনী নিৰাপত্তা পোৱাতো ডাঙৰ কথা৷ নিজ দেশত  মিস্ত্ৰী, কাৰ্পেন্টাৰ, ড্ৰাইভাৰ, মেকানিক, ইলেক্ট্ৰিচিয়ান সকলোবোৰেই ইয়ালৈ আহি হৈ পৰে 'লেবাৰ'- কাৰণ অনুষ্ঠানিক প্ৰমাণ পত্ৰ তেওঁলোকৰ কাৰোৱেই হাতত নাথাকে৷ আৰু যি সকলৰ তেনে অনুষ্ঠানিক প্ৰমাণপত্ৰ থাকে তেওঁলোকৰ বেতনো ভাল আৰু অভিজ্ঞতাৰ ভিত্তিত চাকৰিত  চুপাৰভা্ইজাৰ,ফ'ৰমেন আদি পদপিলৈ পদোন্নতিও হয়৷ এইখিনি লিখাৰ উদ্দেশ্য হ'ল - প্ৰত্যেক ট্ৰেডৰে পলিটেকনিক জাতীয় অনুষ্ঠানৰ শিক্ষাগত প্ৰমাণপত্ৰ নোহোৱাকৈ কোনেও যেন প্ৰবাসত চাকৰি বিচাৰি নাহে৷ চাকৰি বিচৰালোকসকলক এজেন্টে নানা প্ৰলোভনেৰে অৰ্ধ সত্যকৈ তেওঁলোকৰ পৰা কষ্টেৰে বা ধাৰ ঋৃণেৰে সংগ্ৰহ কৰা লাখ লাখ টকা আত্মসাত কৰে৷)
     পুনৰ বাংলাদেশী যুৱকজনৰ কথালৈ ঘূৰি আহিছোঁ৷ নিজৰ দেশত এজেন্টক ৫লাখ টকা দি কাটাৰ পালেহি৷ ঘৰত আছে মাক পৰিবাৰ আৰু তিনিটি সন্তানৰ সৈতে ঘৈণীয়েক৷ পৈত্ৰিক সম্পত্তি বেচি টকাখিনি এজেন্টক দিলে৷ এতিয়া ঘৰ কেনেকৈ চলিছে সোধাত জনালে মাটি-সম্পত্তি বেচাৰ কিছু টকা ঘৰত খোৱা খৰছ হিচাবে দি থৈ আহিছে৷ পঢ়াশুনা মেট্ৰিক ফেল, বাংলাদেশী ড্ৰাইভিং লাইচেঞ্চ আছে৷ সেইখন ইয়াত অচল ৷ প্ৰশিক্ষণলৈ কাটাৰী ড্ৰাইভিং লাইচেঞ্চ ওলিয়াবলৈ কমেও ৩হাজাৰ ৰিয়ালৰ আৱশ্যক৷  আন একো বিদ্যাত তেওঁৰ অৰ্হতা নাই৷ মোৰ ওচৰলৈ অহাৰ উদ্দেশ্য হ'ল ইয়াত ক'ত কিডনি ট্ৰান্সপ্লান্ট হয়; মানুহে এটা কিডনিৰে জীয়াই থাকিব পাৰেনে নোৱাৰে চিকিৎসকৰ পৰা ভালদৰে জনা;  কিডনি বিক্ৰী কৰিলে কিমান ৰিয়াল পাব ইত্যাদি৷ মই জনালোঁ ইয়াৰ চৰকাৰী হামাড হস্পিতালতত মাহে মাহে দুটা এটা কিডনি ট্ৰান্সপ্লান্ট অপাৰেচন হয়৷ কিন্তু সেয়া সম্পূৰ্ণ বিনামূলীয়া৷ কিডনি দাতায়ো একো ধন-বিত নাপায়৷  ভাৰতত একোটা কিডনিৰ বৰ্তমান বিক্ৰী মূল্য ৫ৰ পৰা ১০লাখ টকা বা ততোধিক৷ বাংলাদেশী যুৱকজনে কিডনি বেচি নিজে একেকোবে ঋৃণমুক্ত হোৱাৰ বাসনা পুঁহিছে৷ ভিছা পালে সেই উদ্দেশ্যৰে ভাৰতলৈ যাব বুলি জনাই মোৰ ওচৰৰ পৰা বিদায় ললে৷ (মই যুৱকজনক নজনালোঁ যে অসমৰ উন্মুক্ত সীমান্তই দি ভিছা নোহোৱাকৈ অসম হৈ ভাৰতত অনায়াসে প্ৰবেশ কৰিব পাৰি আৰু যিমান দিনলৈ মন যায় সিমান দিনলৈ ভাৰতত থাকি যাব পাৰে !)
    জীৱন আৰু জীৱিকাৰ তাড়নাত মানুহৰ কিমান ধৰণৰ মতিভ্ৰম হয় আৰু তাৰ পৰিণাম কিমান ভয়ংকৰ হব পাৰে -এইটো এটা তাৰ সামান্য উদাহৰণ সহৃদয় অকবৰ পাঠকসকলৰ আগত দাঙি ধৰিলোঁ৷


ডোহা,কাটাৰৰ পৰা

২৫ নভে্ম্বৰ ২০১৪

Thursday, November 20, 2014

অমেগা-৩ ফেটি এচিড কি ক'ত কিয় বিখ্যাত জানোঁ আহক !

মানুহে খাদ্যৰ যোগেদি দুবিধ লাগতিয়াল ফেটি এচিড আহৰণ কৰে৷ সেয়া হ'ল অমেগা-৩ ফেটি এচিড আৰু অমেগা-৬ ফেটি এচিড৷ এইবিলাক হ'ল পলিআনচেচুৰেটেড ফেটি এচিড৷ অমেগা-৩ ফেটি এচিড ঘাইকৈ ৩প্ৰকাৰৰ৷ বনস্পতিৰ পৰা আহে alpha-linolenic acid (ALA),  সাগৰীয় মাছ জাতীয় উৎসৰ পৰা আহে docosahexaenoic acid (DHA) আৰু eicosapentaenoic acid (EPA)৷ মানুহৰ শৰীৰৰ  ক্ৰিয়া-প্ৰক্ৰিয়া যাক মেটাবলিজম বোলে - সুচাৰুৰূপে চলিবলৈ অমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন৷ ই মানৱ  শৰীৰৰ ভিতৰত নিৰ্মাণ নহয় আৰু ইয়াক সদায় বাহিৰৰ খাদ্যৰ যোগেদি আহৰণ কৰিব লাগে৷ এজন সুস্থ মানুহক দৈনিক ৫০০মিলিগ্ৰামৰ পৰা ১গ্ৰাম অমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন হয়৷ অমেগা-৬ ফেটি এচিড  পোৱা যায় পাম তেল, ৰেপচিড তেল, চয়াবীন তেল আৰু সূৰ্যমুখী তেলত৷ জন্তুৰ চৰ্বিত থকা অমেগা-৯ ফেটি এচিড মানৱদেহৰ বাবে লাগতিয়াল নহয়৷মানুহৰ দেহৰ ভিতৰত ALA কোনো কোনো সময়ত DHA  আৰু  EPA ফেটি এচিডলৈ সলনি হয়৷
           ১৯৩০চনত পোন প্ৰথমবাৰৰ বাবে মানুহে অমেগা-৩ ফেটি এচিডৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰে আৰু ১৯৮০চনৰ পৰা ইয়াৰ বিষয়ে বহুল প্ৰচাৰ চলিব ধৰে৷সেইবুলি অমেগা ৩ যধে মধে ব্যৱহাৰ কৰাও ঠিক নহয়৷ অতিমাত্ৰা প্ৰয়োগৰ ফলত হব পৰা পাৰ্শ্বক্ৰিয়া সমূহ হ'ল - বদহজমি, পেটৰ গেছ, মূখেদি মাছৰ গোন্ধ ওলোৱা, ৰক্তক্ষৰণ আদি৷          
        ৱিকিপিডিয়াৰ মতে অমেগা-৩ ফেটি এচিডৰ  প্ৰায়বোৰ উপকাৰিতাৰ বিষয়ে এতিয়াও খাটাং সিদ্ধান্তত উপনীত হব নোৱাৰি৷ কিন্তু ১৭নভেম্বৰ ২০১৪ৰ শেহতীয়া গবেষণা আৰু অনুসন্ধান পত্ৰিকা 'চায়েঞ্চ ডেইলি'ৰ মতে অমেগা-৩ ফেটি এচিডৰ গুণাগুণ সম্বন্ধে সন্দেহৰ থল নাই৷বিভিন্ন চিকিৎসা বিজ্ঞানীয়ে সময়ে সময়ে  জনোৱা অমেগা-৩ ফেটি এচিডৰ উপকাৰিতা বিষয়ে চমুকৈ তলত উল্লেখ কৰিলোঁ :

* বিভিন্ন হৃদৰোগ- উচ্চ ৰক্তচাপ, এৰিথমিয়া, কৰোনেৰি বাইপাচৰ পিছৰ এট্ৰিয়েল ফিব্ৰিলেচন ৰোধ কৰা, ডিচলিপিডেমিয়া, চাডেন কাৰ্ডিয়াক ডেথ,কৰোনেৰি আৰ্টেৰি ডিজিজ আদিত উপকাৰী৷ ঘাইকৈ ট্ৰাইগ্লিচেৰাইড নামৰ অপকাৰী চৰ্বি কমোৱাত আজিকালি ইয়াৰ বহুল প্ৰয়োগ হয়৷
  * বাইপোলাৰ ডিচঅৰ্ডাৰ (manic-depressive illness), চিজোফ্ৰেনিয়া, ডিপ্ৰেচন,অ'টিজম, ডিমেনচিয়া, এলহিমাৰচ্ ডিজিজ, আন যি কোনো গুৰুতৰ মানসিক  ৰোগত উপকাৰী৷ শিশু আৰু কিশোৰৰ মানসিক বিকাশ আৰু মনোযোগ বৃদ্ধিত সহায়ক৷
* ডায়েবেটিজ ৰোগৰ জটিলতা বৃদ্ধি ৰোধ কৰাত সহায়ক৷ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে৷
* পেৰিফেৰিয়েল ভেচকুলাৰ ডিজিজ ৰোধ কৰাত সহায়ক৷
* এন্টিইনফ্লেমেটৰি গুণৰ বাবে বিভিন্ন বাত ৰোগত উপকাৰী৷
* হাঁপানি আৰু নিউমোনিয়া ৰোগ গুৰুতৰ হবলৈ নিদিয়াকৈ ৰাখে৷
* বিভিন্ন কেঞ্চাৰ যেনে বক্ষ,ক'লোন আৰু প্ৰষ্টেটৰ কেঞ্চাৰ প্ৰতিৰোধত সহায়ক৷
*হাঁড়ৰ অষ্টিঅ'প'ৰোচিচ প্ৰতিৰোধ কৰে৷
*চকুৰ মেকুলাৰ ডিজেনেৰেচন আৰু গ্লুকোমা প্ৰতিৰোধ কৰে৷
*শৰীৰৰ ইমিউনিটি বঢ়োৱাৰ ফলত এলাৰ্জিক ৰাইনাইটিচ, চিষ্টেমিক লুপাচ আদিত উপকাৰী৷
* ডিচমেনৰিয়া,পষ্ট-পাৰ্টাম-ডিপ্ৰেচনত উপযোগী৷
* আলচাৰেটিভ কলাইটিচ, ক্ৰচ ডিজিজ আৰু ইৰিটেবল বাৱেল চিনড্ৰমত উপকাৰী৷
*অৰ্গেন ট্ৰান্সপ্লান্ট কৰা ৰোগীক অমেগা-৩ সেৱন কৰিব দিলে চাইক্লস্পৰিন বা আন ইমিউনো-চাপ্ৰেচেন্ট দৰবৰ পাৰ্শ্বক্ৰিয়া কমকৈ হোৱা পৰিলক্ষিত হয়৷

কেইবিধমান অতি লাগতিয়াল খাদ্যৰ সৈতে পৰিচিত হওক : -
আগতে মোৰ বিভিন্ন লিখনিত উল্লেখ কৰা লাগতিয়াল খাদ্যৰ চিত্ৰ-তালিকা দুখন এই লিখনিৰ সৈতে সংলগ্ন কৰি দিলোঁ ৷ লগতে এবিধ বিধ উপকাৰী ফল আভাকাডোৰ বিষয়ে  সাহিত্য ডট অৰ্গত প্ৰকাশিত মোৰ লিখনিৰ লিংকটো  জনালোঁ - http://www.xahitya.org/2012/05/15/%E0%A6%AB%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%9A%E0%A7%9F-%E0%A6%86% E0%A6%AD%E0%A6%BE%E0%A6%95%E0%A6%BE%E0%A6%A1%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A6%9A%E0%A6%AA%E0%A6%A4%E0%A6%BF/
প্ৰথম চিত্ৰত দেখুৱা হৈছে - আভাকাডো, ৰঙালাউৰ গুটি, সূৰ্যমুখীৰ গুটি, কলা আৰু বগা তিল, আখৰোট, এলমণ্ড,  কাজু, পালেং, ব্ৰুকলি, নানা জাতিৰ বীন আৰু অলিভ অইল৷
দ্বিতীয় চিত্ৰত দেখুৱা হৈছে - সাগৰীয় চালমন, টুনা আৰু চাৰডিন মাছ,কণী (দৈনিক এটা কণীয়েই স্বাস্থ্যৰক্ষাৰ বাবে যথেষ্ট) আৰু ফ্লেক্সচিড (যাক হিন্দীত অলসী বোলে৷ ব'টানিকেল নাম হ'ল - (Linum Usitatissimum)

  # তালিকাত দেখুৱা সকলো খাদ্যই অমেগা-৩ ফেটি এচিড যুক্ত৷








ডা০ ভূপেন শইকীয়া 
১৯নভেম্বৰ ২০১৪
ডোহা, কাটাৰৰ পৰা




Total Pageviews