Translate

Thursday, October 1, 2015

দৰবৰ বিজ্ঞাপনৰ পৰা সাবধান !



সাবধান বাণীবিজ্ঞাপনত ভোল গৈ ডাক্তৰৰ অজ্ঞাতে কোনো দৰব নাখাব৷ প্ৰপেচিয়া(Propecia) জেনেৰিক নামৰ ঔষধ ন্যুনতম ছমাহ, পাৰিলে এবছৰ বা তাতোকৈ অধিক দিন খালে মতা মানুহৰ তপা মূৰত চুলি গজে৷ সফলতাৰ হাৰ ৯০% কিন্তু ইয়াৰ পাৰ্শ্ব ক্ৰিয়া (%) কেইটা সাংঘাটিক যৌন ক্ষমতা হ্ৰাস, বীৰ্যৰ (Semen) পৰিমাণ কমি যোৱা, পুৰুষজনৰ স্তন মহিলাৰ দৰে বাঢ়ি যোৱা (Gynaecomastia), প্ৰষ্টেটৰ কেঞ্চাৰক গোপন কৰা আদি৷ পি এচ (PSA) বা প্ৰষ্টেট স্ফেচিফিক এন্টিজেনৰ পৰিমাণ চাই প্ৰষ্টেটৰ কেঞ্চাৰৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হয়৷ প্ৰপেচিয়া তপা চুলি গজোৱাৰ বাহিৰে প্ৰষ্টেটৰ নিৰীহ বৃদ্ধিৰ (Benign Prostatic Enlargement) চিকিৎসাৰ বাবেও ব্যৱহাৰ হয়৷ প্ৰপেচিয়া খালে তেজত প্ৰষ্টেট স্ফেচিফিক এন্টিজেন কমি যায়৷গৰ্ভৱতী মহিলাই ভঙা প্ৰপেচিয়া টেবলেট স্পৰ্শ কৰিলে গৰ্ভস্থ সন্তানৰ জননেন্দ্ৰিয়ৰ বিকৃতি ঘটিব পাৰে৷ পুৰুষৰ তপা চুলি গজাবলৈ মিনঅস্কিডিল (Minoxydil) স্প্ৰেও ব্যৱহৃত হয়৷ দুয়োবিধ ঔষধৰ ক্ষেত্ৰতেই ঔষধ এৰাৰ কেইমানমান পিছৰ পৰা গজা চুলি সৰিবলৈ আৰম্ভ কৰে৷

ব্ৰিটেইনৰ ডেইলি মিৰৰত অলপতে প্ৰকাশিত এটি বাতৰিমতে আমেৰিকাৰ ৩৮ বছৰীয়া ৱিলিয়ম মেকী নামৰ ব্যক্তিজনৰ মাহ প্ৰপেচিয়া খোৱাৰ পিছত স্তন মহিলাৰ দৰে হৈ পৰে আৰু নিতম্ব দুটায়ো মহিলাৰ দৰে বহল হৈ পৰে৷ তেওঁ এটি সন্তানৰ পিতৃও৷ বংশানুক্ৰমে তেওঁ কম বয়সতেই তপা হব আৰম্ভ হৈছিল৷ নতুন দৰবৰ সেৱনৰ ফলত মূৰত কিন্তু তেওঁৰ চুলি নাহিল৷ ঘটিল এই অঘটনহে৷ এতিয়া নিৰুপায়হৈ পিন্ধিছে মহিলাৰ পোচাক আৰু বাতৰিৰ মতে বেচেৰাই এতিয়া লিংগ-পৰিবৰ্তন অপাৰেচন কৰাবলৈ মন মেলিছে

No comments:

Post a Comment

Total Pageviews