Translate

Thursday, March 20, 2014

# হাইড্ৰোনেফ্ৰচিচ ! (এটি চুটি গল্প)

হাঁহি-মাতি থকা ৰাংঢালি ফিলিপিনো নাৰ্চজনী হঠাতে অসুস্থ হৈ পৰিল৷
তাইৰ অসহ্য পেটৰ বিষ আৰু প্ৰসাৱ ৰঙচুৱা হৈছে৷
নিমিষতে মোৰ তাইৰ প্ৰতি থকা কঠুৱা মনোভাৱ সলনি হ'ল৷
ইমানদিনে ৰোগীৰ প্ৰতি তাই যন্ত্ৰৱত আচৰণ কৰাৰ বাবে
মোৰ ডাক্তৰী মনটোৱে তাইক বেয়া পাই আছিল৷
নিজে আলট্ৰাচাউণ্ড কৰি দেখা পালোঁ - তাইৰ জন্মগতভাবে এটাই কিডনি আছে
আৰু তাত বিভিন্ন চাইজৰ কেইটিমান পাথৰ হৈছে ৷
পাথৰৰ ফলত প্ৰসাৱৰ নিয়মীয়া প্ৰবাহ বাধাপ্ৰাপ্তহৈ কিডনিটো ফুলি উঠিছে ৷
এই হাইড্ৰোনেফ্ৰচিচ আৰু পাথৰৰ ফলত তাই এতিয়া আকস্মিকভাবে
এক জটিল পৰিস্থিতিৰ মুখামুখি হবলগীয়া হ'ল৷
২০মাৰ্চ ২০১৪
ডোহা, কাটাৰ
Like ·  · 

No comments:

Post a Comment

Total Pageviews