Translate

Friday, August 30, 2013

পাটিমূতুৰা ৰোগ


সহৃদয় পাঠকসকলৰ বহুতেই হয়তো পাটিমূতুৰা মাছৰ নাম শুনিছে৷ গৰৈ প্ৰজাতিৰ এই মাছ কোনো কোনোবাই হয়তো খায়ো পাইছে ? পঁইতা ভাতৰ লগত পোৰা মাছৰ পিটিকাৰ জুতিয়েই বেলেগ ! অসমৰ খাল, বিল, পথাৰ সমূহত এসময়ত এই বগা-হালধীয়া বৰণৰ দেখাত সাইলাখ গৰৈ বা চেঙেলি মাছৰ আকৃতিৰ মাছবিধ প্ৰচুৰ পোৱা গৈছিল৷ এতিয়া ই বিলুপ্ত প্ৰজাতিৰ মাছৰ ভিতৰত পৰিছে বুলি মোৰ ধাৰণা হয়৷ অসমৰ গ্ৰাম্য জীৱনৰ লোক বিশ্বাসমতে এইবিধ মাছ খালে পাটিত মূতা ৰোগ (?) আৰোগ্য হয়৷ আজি পাঠকসকলক সচৰাচৰ চৰ্চা নকৰা এইবিধ ৰোগৰ বিষয়ে দুআষাৰ কম৷ ইয়াক ঠিক ৰোগ নুবুলি এক অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰিলেহে শব্দৰ সঠিক প্ৰয়োগ কৰা হব৷ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে কেঁচুৱাই দিনতে হওক বা ৰাতিয়েই হওক বাৰম্বাৰ বিছনাত প্ৰস্ৰাব কৰে৷ মাকে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত কেঁচুৱাক বিচনাৰ পৰা দাঙি প্ৰসাব কৰোৱালে বিচনাখন নিভিজাকৈ ৰাখিবলৈ বহুক্ষেত্ৰত সফল হয়৷ তাকে নকৰিলেই কেঁচুৱাই বিচনাত প্ৰসাব কৰে৷ ডাঙৰহৈ অহাৰ লগে লগে বিচনাত মূতা বা প্ৰসাব কৰাৰ পৰিমাণটো কমি আহিব ধৰে৷ শিশুৱে ৫বছৰ বয়স নোহোৱালৈকে এইদৰে নিজৰ অজ্ঞাতে কম বেচি পৰিমানে বিচনাত প্ৰসাব কৰে৷ ৫বছৰ বয়সৰ পাছত মাত্ৰ পোন্ধৰ শতাংশ শিশুৱেহে এই অভ্যাস ত্যাগ নকৰে৷ আকৌ ১০বছৰ বয়স হলে ৯৫শতাংশ শিশুৱেই বিচনাত প্ৰসাব নকৰা হয়৷ সংখ্যাগতভাবে বিচনা ভিজোৱা ল'ৰাৰ সংখ্যা বিচনা ভিজোৱা ছোৱালীৰ দুগুণ৷ পাঠকে শুনিলে আচৰিত নহব ০-৫%ৰ পৰা ২-৩% প্ৰাপ্তবয়স্কৰো বিচনাত নিজৰ অজ্ঞাতে প্ৰসাব কৰাৰ সমস্যা থাকে৷
গতিকে শিশুৱে বিচনাত প্ৰসাব কৰা-নকৰাটো বয়সৰ লগত জড়িত এক স্বাভাবিক প্ৰক্ৰিয়া৷ মূত্ৰাশয় পৰিপূৰ্ণ হোৱাৰ অনুভূতি মগজুলৈ যোৱাৰ লগে লগে শিশুৱে সাৰ নাপালে আপোনাআপুনি বিচনাতে লগে লগে প্ৰসাব নিৰ্গত হয়৷ বহু অভিভাবকে ভুল ধাৰণাৰ বশবৰ্তীহৈ নিজ সন্তানক 'এলেহুৱা' বুলি অবাবতে কটু কথা শুনাই শিশুৰ ওপৰত অপ্ৰয়োজনীয় মানসিক ছাপৰ সৃষ্টি কৰে৷
অৱশ্যে ডায়েবেটিজ, মূত্ৰ প্ৰনালীৰ সংক্ৰমন, ৰাজহাঁড়ৰ বিকাৰ, নিদ্ৰাজনিত ৰোগ আদিৰ ক্ষেত্ৰতো শিশুৰ
বিচনাত নিজ অজ্ঞাতে প্ৰসাব কৰা অৱস্থা এটা হব পাৰে৷এটেনচন ডেফিচিট হাইপাৰ এক্টিভ ডিচঅৰ্ডাৰ ( ADHD ) নামৰ মানসিক ৰোগীয়েও অন্তত: তিনিগুণ বেচিকৈ প্ৰসাব কৰে৷
কিন্তু এনে ধৰনৰ শাৰীৰিক বিজুটি থকা ৰোগীৰ সংখ্যা উল্লেখযোগ্য নহয়৷ কেইদিনমানৰ আগতে এজন আৰবী ভদ্ৰলোক নিজৰ ১২বছৰীয়া সন্তানৰ এই বিচনাত প্ৰসাব কৰাৰ সমস্যাৰ প্ৰতিকাৰ বিচাৰি আমাৰ চেম্বাৰত আহিছিল৷ইতিমধ্যে তেওঁ বিভিন্ন চিকিৎসক আৰু মনোবিজ্ঞানীৰ কাষ চাপি নিৰাশ হৈছে৷পৰীক্ষা কৰাত ল'ৰাজনৰ উল্লেখিত শাৰীৰিক বিসংগতিৰ একোৱেই চকুত নপৰিল৷ তেওঁক এতিয়া এন্টি -ডাইউৰেটিক হৰমোনৰে চিকিৎসা আৰম্ভ কৰিলোঁ৷ আশাকৰো সুফল পাব ৷ ফলাফল জানিবলৈ দুসপ্তাহমান প্ৰতীক্ষা কৰিব লাগিব৷
পাৰ্চি চিকিৎসা বিষয়ৰ লিখক এভিচনাই খৃষ্টাব্দ ১০২৫চনতেই মনোবিজ্ঞান আৰু বিচনাত প্ৰসাব কৰা ৰোগৰ সম্বন্ধৰ বিষয়ে লিখি বিজ্ঞলোকৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সমৰ্থ হৈছিল৷ এগৰাকী শিশু বিশেষজ্ঞ ডাক্তৰ বৱাৰ্ড বেনেটে এই পাটিত মূতা ৰোগৰ ওপৰত অলপতে “ Waking up dry : A guide to help children overcome bed wetting” নামৰ কিতাপ এখন ৰচনা কৰি বিশ্ববাসীৰ সমাদৰ লভিবলৈ সমৰ্থ হৈছে৷
এতিয়া বিচনা ভিজোৱাৰ কাৰণ সমূহৰ বিষয়ে অলপ চৰ্চা কৰোঁ৷প্ৰমুখ কাৰণ হ'ল জেনেটিকচ অৰ্থাৎ বংশগতি ৷
লৰালি কালত যদি পিতৃ-মাতৃৰ এজনৰ এনে অসুখীয়া অৱস্থা আছিল, তেনেহলে সন্তানৰ ৪৪% সম্ভাৱনা আৰু উভয়ে যদি বিচনা ভিজাইছিল তেন্তে সন্তানৰ ৭৭%সম্ভাৱনা৷ জিনৰ ক্ৰমোজম নং ১২কিউ আৰু ৫,৮,১৩ক ইয়াৰ বাবে জগৰীয়া বুলি ঠাৱৰ কৰা হৈছে৷
শৰীৰত থকা এন্টি ডাই-ইউৰেটিক হৰমোনৰ পৰিমান কম হলেও প্ৰসাব বেচি হব৷ শৌচ-কচা থকা শিশুৰ পেটৰ মলৰ হেঁচাত প্ৰসাব লগাৰ ভাব আহিব পাৰে৷ আকৌ যাৰ টোপনি অতি গভীৰ তেনে শিশুৱে প্ৰসাব লগাৰ অনুভূতি নিজে উপলব্দ্ধি নকৰিবও পাৰে৷

চিকিৎসকৰ দ্বাৰা অভিভাৱকক কি পৰামৰ্শ দিয়া হয় ? 
-ৰাতি বিচনালৈ যোৱাৰ আগতে সন্তানক প্ৰসাব কৰোৱাব৷
- পানী বা আন জুলীয়া খাদ্য সন্ধিয়াৰ পৰা কমকৈ খাব দিব৷
- সন্তানক বিচনা নিভিজোৱা দিনৰ বাবে প্ৰসংশা কৰক আৰু সৰুসুৰা উদগণি বটাও দিয়ক৷
- কেতিয়াও ইয়াৰ বাবে আনৰ সন্তানৰ লগত তুলনা নকৰিব৷
গালি-গালাজে শিশুৰ মনত হীন ভাৱহে জগাই তুলিব৷
-মনত ৰাখিব চাহ,কফি,এলকোহলযুক্ত টনিক আদিয়ে প্ৰসাবৰ পৰিমান বৃদ্ধি কৰে৷
-প্ৰয়োজন সাপেক্ষে তুলি নিভিজাবলৈ অইল ক্লথ, ডাইপাৰ আদিৰ প্ৰয়োগ কৰিব পাৰে৷ 
- শিশুক বুজনি দিয়ক -ই একো বেমাৰ নহয়৷বয়স বঢ়াৰ লগেলগে এই ত্ৰুতি আতৰ হব৷

উপসংহাৰ :
বজাৰত এলাৰ্ম চিষ্টেম ওলোৱাৰ বাতৰি শুনিছোঁ৷ইয়াক ব্যৱহাৰ কৰিলে নিদ্ৰামগ্ন শিশুটিৰ মূত্ৰাশয় ভৰ্তি হোৱাৰ লগে লগে এলাৰ্মে তাক জগাই তুলিব, যাতে সাৰ পাই স্বাভাবিকভাবে নিজে প্ৰসাব কৰিব পাৰে৷ চিনথেটিক অৰ্থাৎ কৃত্ৰিমভাবে তৈয়াৰী কৰা ডেচমপ্ৰেচিন নামৰ এন্টিডাই-ইউৰেটিক হৰমোনৰ ব্যৱহাৰ বহুক্ষেত্ৰত ফলপ্ৰসু সিদ্ধ হব পাৰে৷
মোখনিত সাহিত্য ডট অৰ্গৰ স্বাস্থ্য আৰু মনৰ বাবে যুগুতোৱা এই লিখনিটোৱে গোটৰ কাৰোবাক উপকৃত কৰিবনে নকৰে মই অনুমান কৰিব পৰা নাই৷ কিন্তু সাধাৰণ বিজ্ঞানৰ বিষয় আৰু পৰিষ্কাৰ পৰিছন্নতাৰ বাবে জানিবলগীয়া এক প্ৰয়োজনীয় লিখনি বুলিয়েই ইয়াক ৰাইজৰ হাতত তুলি দিলোঁ৷
ধন্যবাদ৷

ডা০ভূপেন শইকীয়া
২৯আগষ্ট ২০১৩
ডোহা,কাটাৰৰ পৰা


  • Aftar Hussain Chowdhury মোৰ ভতিজা এজনে এইবাৰ দশম মান শ্ৰেনীত৷ তাৰ এই বিকাৰ আছে৷ এতিয়া দেখিছো তাক চিকিৎসা কৰি ভাল কৰিব লাগিব নহ'লে বেচেৰা..........খোলাখুলিকৈ কব গ'লে সপ্তমমানলৈকে মোৰো এই বিকাৰ আছিল৷ কিমান লাজ পাইছিলো ইয়াৰ বাবে৷
  • Abdus Sazid লেখাটো পঢ়ি কথা এটা মনলৈ আহিল৷ সিদিনা অলপতে এজনে মোৰ আগত কৈছিল, তেওঁৰ হেনো নিশা শুই থাকোঁতে বিচনাত প্ৰস্ৰাৱ হৈছে৷ ভাবিব নোৱাৰা কথা৷ আজিৰ পৰা প্ৰায় এবছৰৰ আগতেও তেনে হোৱা বুলি মোক কোৱা মনত আছে৷ বয়স প্ৰায় ৩৫৷ ডাক্তৰ শইকীয়া ডাঙৰীয়াই এই সন্দৰ্ভত কি ভাবে জনালে ভাল পাম৷
  • DrBhupendra Saikia মোৰ লিখনিত উল্লেখ আছে কমেও ০-৫ শতাংশ প্ৰাপ্তবয়স্কৰো এনে হব পাৰে৷ লিখনিৰ পৰামৰ্শ তেওঁৰ বাবে উপযোগী হব পাৰে৷তদুপৰি ব্যায়াম কৰিও ব্লাডাৰৰ প্ৰসাব ধৰি ৰখা শক্তি বঢ়াব পৰা যায়৷যোগাসনৰ অভিজ্ঞ ব্যক্তিয়ে এইক্ষেত্ৰত সহায় কৰিব পাৰিব৷
  • Abdus Sazid ধন্যবাদ, মই তেওঁক কথাখিনি জনাম৷
  • Uddip Talukdar Aftar Hussain Chowdhury, টুপী খুলি দিছোঁ। ইমান খোলাকৈ এনেকৈ ক'ব পাৰিবলৈ বহুত মানসিক সাহসৰ প্ৰয়োজন।
  • Sankar Jyoti Bora "সংখ্যাগতভাবে বিচনা ভিজোৱা ল'ৰাৰ সংখ্যা বিচনা ভিজোৱা ছোৱালীৰ দুগুণ৷" এইটো গম পাইহে দুখ পালো।লেখাটো পঢ়ি ভাল লাগিল।
  • Prasanta Kumar Borah পাটিমূতুৰা মাছৰ লগতে সকাম-নিকামত ধূপদানি হিচাপে ব্যৱহাৰ কৰা কলটোকো এই বিকাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া সৰুতে দেখিছো। ইয়াৰ কিবা ব্যাৱহাৰিক যুক্তি আছেনে নাই নাজানো...

No comments:

Post a Comment

Total Pageviews