Translate

Wednesday, October 3, 2012

কেক্টাচ আৰু এলো-ভেৰাই অনা আগলি বতৰা


    • স্বাস্থ্য আৰু মন : কেক্টাচ আৰু এলো-ভেৰাই  অনা  আগলি  বতৰা

      "------ এতিয়া বসন্ত কাল, ফুলতকৈ কাঁইটেই ভাল !"

      কবিৰ কবিতা এতিয়া আক্ষৰিত অৰ্থত ফলিয়াব ধৰিছে বুলিলে একো অত্যুক্তি কৰা নহব৷ কাঁইটীয়া নানা ধৰণৰ কেক্টাচ আৰু এলো-ভেৰাই হয়তো টাবত আপোনাৰ ড্ৰইং ৰুমত নাইবা ফুলনিত শোভাবৰ্দ্ধন কৰি আহিছে৷ এতিয়ালৈকে মাত্ৰ দৃষ্টি শুৱনিৰ সামগ্ৰী বুলি ভবা নানা প্ৰজাতিৰ  এনে কাঁইটীয়া গছ আমাৰ কিমান উপকাৰী - মোৰ এই চমু লিখনিৰ যোগেদি তাৰ এটি আভাস দাঙি  আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ৷  ইয়াৰ দ্বাৰা উপলব্দ্ধি কৰিব পাৰি যে  প্ৰকৃতি মানৱ জীৱনৰ প্ৰতি সঁচায়ে সদয় - আমি মাথো প্ৰকৃতিৰ এই মহানতাক চিনাক্ত কৰোতে বিলম্ব কৰোঁ৷

      কেক্টাচ গোটেই বিশ্বতে আজি উপলব্দ্ধ হলেও এসময়ত ইয়াক বনৰীয়া গছ বুলি গণ্য কৰা হৈছিল৷ আমেৰিকাৰ মেস্কিকোবাসীসকলে অতি প্ৰাচীন কালৰ পৰা ইয়াক খাদ্য হিচাবে ব্যৱহাৰ কৰি আহিছিল৷ পূৰাতত্ববিদসকলে জনোৱা মতে আজিৰ পৰা ১৫০০০ বছৰ পূৰ্বতেই পৃথিবীত কেক্টাচৰ উপস্থিতি  দেখা গৈছিল৷ আজি কেক্টাচৰ কেইবাশ বিধ প্ৰজাতি চিনাক্ত  কৰা হৈছে৷ কেক্টাচৰ ওপৰত প্ৰয়োগশালাৰ জীৱ-জন্তুৰ বাহিৰেও মানুহৰ ওপৰত নানা প্ৰয়োগ বিশ্বৰ বিভিন্ন ঠাইত ইতিমধ্যে কৰা হৈছে৷

      কেক্টাচৰ আছে ৰোগ প্ৰতিৰোধক এন্টিঅস্কিডেন্ট গুণ ৷ ই প্ৰটিন,ভিটামিন আৰু মিনাৰেলযুক্ত ৷ ইয়াত কেলচিয়াম, পটাচিয়াম,মেংগ্নেচিয়াম আৰু ফচফৰাচৰ  উপস্থিতি প্ৰমাণিত হৈছে৷ কেক্টাচে তেজত ইনচুলিনৰ মাত্ৰা বঢ়োৱাত সহায় কৰে সেয়ে কেক্টাচৰ দ্বাৰা তেজৰ শৰ্কৰা (চুগাৰ) লেভেল কমে আৰু ইয়াক এতিয়া ডায়েবেটিচৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে৷
       কেক্টাচে পেৰাথাইৰয়েডৰ ক্ৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ ফলত হাঁড়ৰ ঘনত্ব বৃদ্ধিত সহায়ক হয়৷ গতিকে বাৰ্দ্ধক্যজনিত বা আন ৰোগৰ বাবে যাৰ হাঁড় থুনুকা হৈ পৰে, তেওঁলোকৰ চিকিৎসাত ই উপযোগী সিদ্ধ হব৷
      কেক্টাচে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ প্ৰমাণ পোৱা গৈছে৷ প্ৰয়োগশালাৰ জন্তুক কেঞ্চাৰত ব্যৱহাৰ হোৱা চাইক্লফচফামাইড বেজী দিয়াৰ পিছত কেক্টাচৰ যোগান ধৰাত দেখা গ'ল যে জন্তুবিলাকৰ শৰীৰত এন্টিবডি বৃদ্ধি পাইছে৷
      চিনড্ৰম এস্কৰ ৬৮জন ৰোগীক ফ্ৰান্সত কেক্টাচেৰে নিৰ্মিত দৰব খোৱাই দেখা গ'ল যে এনে ৰোগীৰ তেজৰ চৰ্বিৰ (ঘাইকৈ ট্ৰাইগ্লিচাৰাইড) কমে, শৰীৰৰ উপকাৰী এইচ ডি এল বাঢ়ে, তেজৰ শৰ্কৰাৰ পৰিমাণ কমে, উচ্চ ৰক্ত-চাপ নিয়ন্ত্ৰিত হয়, বি এম আই আৰু ওজন হ্ৰাস পায়৷ 
      কেক্টাচে লিভাৰৰ ক্ৰিয়াৰ উন্নতি সাধে-সেইবাবে ইয়াক নন এলক'হলিক ফেটি লিভাৰৰ বাবে এক উপযোগী ঔষধ বুলি এতিয়া গণ্য কৰা হৈছে৷
      কেক্টাচ ই-কলাই সংক্ৰমণৰ বিৰুদ্ধেও উপকাৰী প্ৰমাণিত হৈছে৷

      বিশ্বৰ বজাৰত নিপুন্টিয়া -৫০০ ( Neopuntia ) নামেৰে কেক্টাচৰ পৰা তৈয়াৰী, ফ্ৰান্সত নিৰ্মিত ঔষধ বৰ্তমান উপলব্দ্ধ হৈছে৷ শকত, উচ্চ ৰক্ত চাপ থকা, তেজত চৰ্বি আৰু চুগাৰ বেচি থকা কেইজনমান ৰোগীক মই নিজে এইবিধ ঔষধ প্ৰেচক্ৰাইব কৰি এতিয়া ফলাফলৰ প্ৰতীক্ষাত আছোঁ৷
      এইবিধ দৰব আহাৰৰ আধা ঘন্টা আগত দিনে দুবাৰকৈ  অন্তত: এমাহলৈ খাব দিব লাগে৷ দৰবে পাকস্থলীত গৈ তালৈ খাদ্যৰ যোগেদি অহা সকলো ধৰনৰ চৰ্বি,তেল জাতীয় পদাৰ্থক  টানি লয় আৰু তেজলৈ প্ৰবেশ কৰাত বাধা দিয়ে ৷এতিয়ালৈকে দৰবৰ কোনো পাৰ্শক্ৰিয়া চকুত পৰা নাই৷ ভাৰতৰ বজাৰত এইবিধ দৰব আহিছেনে নাই গম পোৱা নাই ৷

      এতিয়া চমুকৈ  এলো ভেৰাৰ বিষয়ে কওঁ৷ এলো ভেৰাৰ গছৰ বৰ্তমান ২০০ ৰো অধিক প্ৰজাতিৰ কথা জনা গৈছে৷ আৰম্ভণীতে মাত্ৰ আফ্ৰিকত পোৱা  এলো ভেৰা এতিয়া বিশ্বৰ চুকেকোনে উপলব্দ্ধ৷ এলো ভেৰাত ২০ বিধ মিনাৰেল,১৮ বিধ এমাইনো এচিড আৰু ১২ বিধ ভিটামিন থাকে৷ ঘাইকৈ শৰীৰৰ ছালৰ বাবে উপকাৰী হলেও ইয়াৰ ৰসে শৰীৰক শক্তি যোগায়, হজম বঢ়ায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ জ্বলা-পূৰা, কটা-চিঙা আৰু খহু শুকোৱাত এলো -ভেৰা সহায়কাৰী৷ ৰ'দে ছাল ডেই পুৰি নিলে এলো ভেৰা লগালে উপশম হয়৷

      এলোভেৰা আৰু কেক্টাচৰ বিষয়ে আৰু ন-ন তথ্য আহি আছে ৷ পৰৱৰ্তী সময়ত সংযোজনৰ আশা ৰাখিলোঁ৷ কেঞ্চাৰৰ ৰোগীৰ আয়ুস বঢ়োৱাত আৰু কেঞ্চাৰৰ প্ৰতিৰোধক হিচাবে হয়তো ই এসময়ত ব্যৱহৃত হব ৷

      ডা০ ভূপেন শইকীয়া : ড'হা, কাটাৰ 
      ৩ অক্টোবৰ, বুধবাৰ, ২০১২     ফোন - ০৯৭৪-৩৩৭৩৮৭২২ Email : - drbksaikia@gmail.com

      **********************************
      • ‎Aftar Hussain Chowdhury‎, ‎Apurba Kalita‎, ‎Mondeep Saikia‎ and ‎‎7‎ others‎ like this.
      • Hemanta Kumar Borah নিপুন্টিয়া -৫০০ ( Neopuntia ) নামৰ ঔষধ বিধ প্ৰেচক্ৰাইব কৰাৰ ফলাফলৰ বিষয়ে পিছলৈ এইটো সিতানতে জনাবছোন । এই দৰবটো বাহৰেইনত পোৱা যাব চাগৈ । প্ৰেচক্ৰিপস্বন নোহোৱাকৈ কিনিব পৰা যাবনে চাগৈ?
      • DrBhupendra Saikia Neopuntia কাটাৰত ৬০টাৰ মূল্য ১৮০কাটাৰী ৰিয়াল ৷ইয়াক প্ৰেচক্ৰিপচন নোহোৱাকৈ কিনিব পাৰি৷ মোৰ অভিজ্ঞতা সময়ত নিশ্চয় জনাম৷দৰব বিধৰ ইমান দাম হোৱাৰ প্ৰকৃত কাৰণ হ'ল - এই দেশত ঔষধৰ মূল্যৰ ওপৰ...See More
      • Apurba Kalita আমাৰ অসমত এলোভিৰা খেতি কৰি বাহিৰলৈ ও পঠাব পাৰি দেখোন । কৰবাত কৰবাত আৰম্ভনী কৰিছেই বুলি শুনিছো ।
      • DrBhupendra Saikia এলোভেৰা অসমত এতিয়া বহুতৰ ঘৰত লগোৱা দেখিছোঁ- বেচি আপডাল নালাগে সহজে বংশ বৃদ্ধিও হয়৷আমাৰ ঘৰতো কেইজোপামান এতিয়া হৈছে৷
      • Apurba Kalita কেচাই খাব পাৰিনে ? মানে মাজৰ খিনিহে খাই কিজানি ?
      • DrBhupendra Saikia এলো-ভেৰা কাঁইট আৰু বাকলি গুছাই ৰস চেপি কেঁচাই খাব পাৰি ৷
      • Apurba Kalita একো টো নহয় !!!!!

Saturday, September 29, 2012

মহান বিজ্ঞানী লুই পেষ্ট'ৰৰ চমু জীৱন কাহিনী







২৭ ডিচেম্বৰ ১৮২২ তাৰিখে ফ্ৰান্সৰ পূৰ্ব দিশৰ পাহাৰীয়া অঞ্চলৰ ড'লে নামৰ  এখন গাঁৱত এক দৰিদ্ৰ পৰিয়ালত এজন বিস্ময় বালকৰ জন্ম হৈছিল ৷ কোনেও কাহানিও ভবিষ্যবাণী কৰিব নোৱৰা সেই সেই বালক লুই পেষ্ট'ৰ এসময়ত বিশ্বৰ প্ৰসিদ্ধ বিজ্ঞানীৰূপে চিৰস্মৰণীয় হৈ ৰ'ল৷  তেওঁ জনম লোৱা ফৰাচী পৰিয়ালটোৱে মৃত জন্তুৰ চামৰাৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল৷

সৰুৰে পৰাই বালক লুই পেষ্ট'ৰৰ ৰাপ আছিল চিত্ৰাংকণত৷কালক্ৰমত মধ্যমীয়া প্ৰতিভাৰ ল'ৰাজনে স্কুলীয়া শিক্ষা সাং কৰি ১৮৪০চনত ক'লা বিষয়ত স্নাতক আৰু ১৮৪২চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে৷১৮৪৭ চনত পেৰিচৰ এক শিক্ষানুষ্ঠানৰ  পৰা ডক্টৰেট সন্মানেৰে বিভূষিত হোৱাৰ পিছত ফিজিস্ক  আৰু কেমেস্ত্ৰি বিষয়ত অধ্যাপনা আৰম্ভ কৰে ষ্ট্ৰেচবাৰ্গ বিশ্ববিদ্যালয়ত৷ লগে লগে তেওঁ বিভিন্ন বিষয়ৰ গৱেষনাত মনোনিবেশ কৰিবলৈ ধৰে৷ ১৮৪৯ চনৰ ২৯ মেত  বি্শ্ববিদ্যালয়ৰ ৰেক্টৰ আৰু উপাচাৰ্য্যৰ কন্যা মেৰী ল'ৰেটৰ লগত লুই পেষ্ট'ৰৰ  বিবাহ ধাৰ্য্য হয়৷ বিবাহৰ দিনাখন গীৰ্জাত সকলো গোট খোৱাৰ পিছতো যেতিয়া দৰাৰ দেখাদেখি নাইকীয়া, তেতিয়া এজন বন্ধুৱে  লুই পেষ্ট'ৰক প্ৰয়োগশালাত বিচাৰি পায়৷ লুই পেষ্ট'ৰে নিজৰ কামখিনি সমাধা কৰিহে বন্ধুৰ লগত নিজৰ বিবাহথলীলৈ যায়৷ এনেকুৱাই আছিল কৰ্মৰ প্ৰতি তেওঁৰ ধাউতি৷

ব্যক্তিগত জীৱনত তেওঁ ৫টি সন্তানৰ পিতৃ হয় যদিও তিনিটি সন্তানেই টায়ফয়েড ৰোগত মৃত্যুবৰণ কৰে৷ দুখত ভাগি নপৰি তেওঁ ৰোগৰ নিৰাময়ৰ গবেষণাত মনোনিবেশ কৰিব ধৰে৷  লুই পেষ্ট'ৰৰ মতে সকলো ৰোগৰ উৎপত্তিৰ কাৰণ হ'ল - বীজাণু৷ ই সময়ত "জাৰ্ম থিয়ৰি" নামেৰে জনাজাত হ'ল৷ এইজনা মহান বিজ্ঞানীয়ে ৰেবিজ আৰু এনথ্ৰেস্কৰ ভেকচিনৰ উদ্ভাৱন কৰে৷
১৮৬৫চনত পেষ্টু'ৰে চিল্কৰ পলুসমূহক বেক্টেৰিয়াই ৰোগাক্ৰান্ত কৰে - সেই কথা ধৰা পেলায় আৰু প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়ায়৷ ১৮৬৮চনত তেওঁৰ এটা মগজুৰ গুৰুতৰ ষ্ট্ৰক হয়৷ ভগবানক অশেষ ধন্যবাদ তেওঁ সেই জীৱনৰ সংকটৰ পৰা মুক্ত হৈ আৰু দুকুৰিৰো অধিক কাল বাচি থাকি মানৱ জাতিৰ কল্যানৰ হকে গবেষণা চলাই যাবলৈ সক্ষম হৈ থাকিল৷ 

পেষ্টু'ৰৰ ধাৰনামতে বেচি ভাগ ৰোগৰ কাৰন হ'ল বেক্টেৰিয়া আৰু তাৰ বিনাশ কৰিব পাৰিলেই ৰোগৰ পৰা উদ্ধাৰ পাব পাৰি ৷ তেওঁ একাণপতিয়াকৈ গবেষণা লাগি থাকোতে পোনতে মূৰ্গীৰ কলেৰাৰ প্ৰতিষেধক আবিস্কাৰ কৰিলে৷ তেওঁ পাগল কুকুৰে কামোৰাৰ বাবে প্ৰতিষেধক নিৰ্মাণ কৰিবলৈ সক্ষম হয় ১৮৮৫ চনত৷ জোচেফ মেইষ্টাৰ নামৰ ৯বছৰীয়া কিশোৰ এজনক ৬জুলাই, ১৮৮৫ ৰ দিনাখন ৰেবিজৰ প্ৰতিষেধক বেজী প্ৰদান কৰে৷ ইয়াৰ দ্বাৰা লুই পেষ্টু'ৰৰ নাম জগতত জনাজাত হৈ পৰে৷ মূলত: পেষ্টু'ৰৰ জাৰ্ম থিয়ৰিৰ ওপৰত অধিক গবেষণাৰ ফলতেই এদিন সৰু আই আৰু যক্ষ্মা ৰোগৰ ভেকচিন উদ্ভাৱন সম্ভৱপৰ হয়৷

পেষ্টুৰাইজেচন - এনে এবিধ প্ৰক্ৰিয়া যাৰ দ্বাৰা খাদ্য-সামগ্ৰীসমূহ (বিশেষকৈ ডায়েৰীৰ সামগ্ৰী) অধিক দিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি ৷ সাধাৰণতে এনে জুলীয়া খাদ্য-সামগ্ৰীক এটা নিৰ্দিষ্ট তাপমানত এক নিৰ্ধাৰিত সময়লৈ উত্তাপ দি লগে লগে শীতল কৰিলে জীবাণুৰ দ্বাৰা খাদ্য-সামগ্ৰীবিধ সোণকালে বিনষ্ট নহয়৷ পেষ্টুৰাইজেচনৰ দ্বাৰা  অনিষ্টকাৰী জীবাণু নষ্ট হয় ৷ অৱশ্যে এই প্ৰক্ৰিয়াত গাখীৰৰ কিছু ভিটামিন ক্ষয় হয়৷  পেষ্টুৰাইজেচনৰ উদ্ভাৱক আছিল লুইপেষ্ট'ৰ (এপ্ৰিল ১৮৬২ চন)৷ তেওঁক এইক্ষেত্ৰত সহযোগ কৰিছিল ক্লউড বাৰ্ণাডে৷ আজি গোটেই বিশ্বতে ডায়েৰী ইণ্ডাস্ত্ৰিত  পেষ্টুৰাইজেচন নহলেই নচলে৷

 ১৮৮৫ চনৰ ২৮চেপ্তেম্বৰত তেওঁৰ দেহাবসান ঘটে যদিও মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ অমৰ আৰু চিৰনমস্য হৈ থাকিব৷
১৮৮৮ চনত পেৰিচত এইজনা মনিষীক সন্মান জনাবলৈ স্থাপন কৰা হয় পেষ্ট'ৰ ইন্সটিটিউট৷ কিশোৰ লুই পেষ্ট'ৰে  অঁকা ছবিসমূহ ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে ৷
 আজি সমগ্ৰ মানৱ জাতিয়েই বৈজ্ঞানিক অৱদান সমূহৰ বাবে তেওঁৰ ওচৰত সৰ্বদা নতমস্তক হৈ থাকিব৷

৩০৷৯৷২০১২


Total Pageviews