প্ৰথমতে এলাৰ্জিনো কি জানি লোৱা হওক৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক 'ইমিউন চিষ্টেম' বুলি কোৱা হয়৷ এই ইমিউন প্ৰণালীয়ে কেতিয়াবা পাৰিপাৰ্শ্বিকতাৰ কোনো কোনো পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে অস্বাভাবিক সক্ৰিয়তা দেখুৱায়৷ এই সংবেদনশীল প্ৰতিক্ৰিয়াৰ ফলত শৰীৰৰ বিভিন্ন অংগত বা প্ৰণালীত নানাবিধ বিজুটিয়ে দেখা দিয়ে যাক এলাৰ্জি আখ্যা দিয়া হয়৷ এলাৰ্জিৰ উদ্বেগ ঘটোৱা তত্ব বা পদাৰ্থসমূহক 'এলাৰ্জেন' বোলে৷ আকৌ এই এলাৰ্জেন নানা ধৰণৰ হব পাৰে যেনে ধুলি,ফুলৰ ৰেণু, শেলুৱৈ, গেছ, খাদ্য পদাৰ্থ,ঔষধ, ৰক্তদান কৰা তেজ আদি৷এলাৰ্জি
সংঘটিত হবৰ সময়ত ইমিউন প্ৰণালীত ইমিউনগ্লবিন
নামৰ এবিধ বিশেষ ধৰণৰ প্ৰটিনৰ সৃষ্টি হয় যাক 'এন্টিবডি' বোলে৷ মানুহৰ দেহৰ বিভিন্ন অংশত মুঠ পাঁচ ধৰণৰ এন্টিবডি চিনাক্ত কৰা হৈছে যাক IgA, IgD, IgE, IgG, আৰু IgM. বুলি নামাকৰণ কৰা হৈছে৷ এন্টিজেন আৰু এন্টিবডিৰ ৰিএক্সন বা ক্ৰিয়াৰ ফলত এলাৰ্জিৰ লক্ষণসমূহ উৎপন্ন হয়৷ হিষ্টামিন নামৰ এবিধ ৰাসায়নিক তত্বক (Neurotransmitter ) শৰীৰৰ বেচফিল আৰু মাষ্টচেলে উৎপন্ন কৰে৷ শৰীৰৰ কোন অংশত হিষ্টামিন ওলাইছে তাৰ ওপৰত নিৰ্ভৰ কৰি এলাৰ্জিৰ লক্ষণসমূহ দেখা দিয়ে৷ উদাহৰণস্বৰূপে ছালত হিষ্টামিন সক্ৰিয় হলে ছালত খজুৱতি আৰু ডবৰা বা চকলা বন্ধা পৰিলক্ষিত হয়৷ এলাৰ্জি সংঘটিত হওতে কেইমিনিটমানৰ
পৰা কেইঘন্টামানলৈকে সময় লাগিব পাৰে৷ যি কোনো এলাৰ্জিৰ লক্ষণসমূহ সাধাৰণ, মজলীয়া বা গুৰুতৰ হব পাৰে৷ জীৱন সংকটাপূৰ্ণ কৰি তোলা এলাৰ্জিক এনাফাইলেক্টিক ৰিয়েক্সন (Anaphylactic reaction ) বোলে, যাৰ ততালিকে যথোপযুক্ত চিকিৎসা নহলে মৃত্যু অৱশ্যসম্ভাৱী ৷
বিভিন্ন সূত্ৰৰ পৰা পোৱা তথ্যমতে পশ্চিমীয়া দেশসমূহৰ ৪০শতাংশ লোক যি কোনো প্ৰকাৰৰ এলাৰ্জিৰ ভু্ক্তভোগী৷
ইয়াৰ বিপৰীতে আমাৰ ভাৰতবৰ্ষৰ এলাৰ্জিত ভোগা লোকৰ পৰিসংখ্যা হ'ল ২৫শতাংশ৷ গোটেই বিশ্বতেই মানুহ কোনোবা নহয় কোনোবা ধৰণৰ এলাৰ্জিত ভোগে৷ প্ৰাপ্তবয়স্কৰ তুলনাত ১৮বছৰৰ তলৰ লোকৰ লোকৰ বেচি এলাৰ্জি হোৱা চকুত পৰে৷ কিন্তু কেচুঁৱাৰ পৰা বৃদ্ধলৈ যি কোনো লোকেই এলাৰ্জিত ভোগিব পাৰে৷ বিশ্বৰ ৪ৰ পৰা ৮শতাংশ লোক ফুড এলাৰ্জিৰ চিকাৰ বুলি জনা যায়৷ ভাৰতবৰ্ষত এক কোটি লোক ফুড এলাৰ্জিৰ ভু্ক্তভোগী৷
তাৰে ৩০লাখ লোকৰ এলাৰ্জিৰ কাৰক হ'ল কাবুলি বা দেশী বুটমাহ৷ আমাৰ দেশত নানাবিধ ফুড এলাৰ্জিত বছৰি ৩০০জনলৈ লোক মৃত্যুমুখত পৰে৷
ফুড এলাৰ্জি কৰিব পৰা কমেও ১৬০বিধ খাদ্য চিনাক্ত কৰা হৈছে৷ তাৰে কিছুমান নাম অলপ পিছত উল্লেখ কৰিম৷ আমেৰিকা,জাপান, চিংগাপুৰ, অস্ট্ৰেলিয়া, ফিলেপাইনচ,ঘানা আদি দেশত ফুড এলাৰ্জিৰ বিষয়ে বিস্তৃত গবেষণা চলি থকা বুলি জনা যায়৷ ১৯৯৫চনত বিশ্ব স্বাস্থ্য সংস্থাই জনোৱামতে ৯০শতাংশ ফুড এলাৰ্জিৰ কাৰক হ'ল এই ৮বিধ খাদ্য : গাখীৰ, কণী, বুটমাহ, মাছ, খোলাযুক্ত জলচৰ (যেনে মিছা মাছ, কেকোৰা,কাছ), বাদাম (কাজু, আখৰোট), ঘেঁহুৰ উৎপাদিত খাদ্য আৰু চয়াবিন৷
গাখীৰৰ এলাৰ্জিৰ কাৰক হ'ল তাত কেইচিন নামৰ প্ৰটিনবিধ৷ গাখীৰৰ এলাৰ্জি থকা শিশুৰ আন কিছুমান খাদ্যৰো (যেনে বুট,কণী) এলাৰ্জি থাকিব পাৰে৷এনে শিশুৰ হাঁপানি,এক্সিমা, এলাৰ্জিক ৰাইনাইটিচ হব পাৰে৷ গাখীৰৰ ফুড এলাৰ্জি আৰু লেক্টজ ইনটলেন্স দুয়োটা পৃথক অৱস্থা -তলত বহলাই লিখি আছোঁ৷ গাখীৰৰ এলাৰ্জি থাকিলে পনীৰ, ক্ৰিম,দৈ, মাখন,কাষ্টাৰ্ড,ঘিউ,কেক আদি খালেও এলাৰ্জিৰ লক্ষণ দেখা দিব৷
কণীৰ এলাৰ্জি - কাৰোবাৰ কণীৰ বগা অংশই, কাৰোবাৰ কুহুমে আৰু কাৰোবাৰ উভয় অংশই এলাৰ্জি কৰিব পাৰে৷ কিছুমান শিশুৰ ক্ৰমে ক্ৰমে কণীৰ এলাৰ্জি নোহোৱা হৈ যায়৷ আকৌ কিছুমানৰ কণীৰ এলাৰ্জি আজীৱন থাকি যায়৷
বুটমাহৰ এলাৰ্জি কাবুলি আৰু দেশী দুয়োবিধৰে হব পাৰে৷ এলাৰ্জিৰ বাবে এনেলোকে বেচনৰ মিঠাই, পকৰি খাব নোৱাৰে৷এনে এলাৰ্জি সাধাৰণতে আজীৱন জুৰি থাকি যায়৷ বুটৰ এলাৰ্জি কেতিয়াবা গুৰুতৰ আনকিএনাফাইলেক্টিক ৰিয়েক্সন পৰ্য্যায়লৈ যাব পাৰে৷
মাছৰ এলাৰ্জি - চলমান,টুনা আদি সাগৰীয় মাছৰ ওপৰিও আন যি কোনো মাছে এলাৰ্জি, আনকি এনাফাইলেক্টিক ক্ৰিয়াও কৰিব পাৰে৷
বাদামৰ এলাৰ্জি থকা লোকে কাজু, আখৰোট বা আন যি কোনো বাদাম খালে এলাৰ্জিৰ লক্ষণ দেখা দিয়ে৷
ঘেহুৰ এলাৰ্জি থকা লোকক আটা, ময়দা,কৰ্ণফ্লেক্স আদি খালে কম বেচি পৰিমাণে এলাৰ্জিত ভোগে৷
চয়াবিনৰ এলাৰ্জি থকালোকে সকলো ধৰণৰ চয়াবিনৰ তৈয়াৰী খাদ্য পৰিহাৰ কৰি চলিলেই ভাল৷
ব্যক্তি বিশেষে এলাৰ্জি কৰা আন আন কিছুমান খাদ্য হ'ল - মাটিকঠাল, কঠাল, আম, তিঁয়হ, তৰমুজ, আভাকাডো, কিৱি,অমিতা, আপেল, আলু, মিঠাআলু, কাঠআলু, কল, নাৰিকল, বেঙেনা, ভেণ্ডি, তিল, সৰিয়হ, গোমধান, মটৰ, বিলাহী, মছলা, স্বাদ বঢ়াবলৈ দিয়া পদাৰ্থ (যেনে মনোচডিয়াম গ্লক'নেট), খাদ্যত দিয়া ৰঙ, ৰন্ধনত ব্যৱহৃত তেল, গাহৰি-ছাগলী-মূৰ্গী-গোমাংস ইত্যাদি৷ সিদ্ধ কৰিলে ইয়াৰ কিছুমান ফুড এলাৰ্জেনৰ সক্ৰিয়তা কমি যোৱা দেখা যায়৷
এলাৰ্জিৰ লক্ষণসমূহ কি কি হব পাৰে : ছালত চকলা উঠা, খজুৱতি হোৱা, মূৰৰ বিষ, জিভা-ওঁঠ ফুলি যোৱা, মুখ মণ্ডল ৰঙা পৰা, পেটৰ বিষ, ওকালি,বমি, ডায়েৰিয়া, নাকৰ পানী ওলোৱা, মাত ভাঙি যোৱা, গিলিবলৈ আৰু নিশ্বাস লবলৈ কষ্ট পোৱা, মূৰ ঘূৰণি, মতিষ্ক শূণ্য যেন অনুভৱ হোৱা, আচন্দাই কৰা আৰু চেতনা হেৰুৱা আদি৷ এজন ব্যক্তিৰ এলাৰ্জিৰ লক্ষণ একে সময়ত কম বেচি পৰিমাণে দেখা দিব পাৰে৷ আনহাতে আটাইকৈ বিপদজনক লক্ষণ হ'ল এনাফাইলেক্টিক ৰিয়েক্সন - যাৰ ততালিকে যথোপযুক্ত চিকিৎসা অতিশয় জৰুৰী৷
ফুড প্ৰটিন ইনডিউচড ডিলেইড এন্টাৰকলাইটিচ চিনড্ৰম (FPIES) - কিছুমান শিশুক যেতিয়া মাতৃদু্গ্ধ আতৰাই নতুন খাদ্য যেনে গৰুৰ গাখীৰ, পিছা বা মিহলোৱা সানমিহলি খাদ্য দিয়া হয় তেতিয়া খোৱাৰ ২ঘন্টাৰ পৰা ৬ঘন্টাৰ ভিতৰত ফুড এলাৰ্জিৰ ফলত বমি, পেটৰ বিষ,তেজ হাগনী আৰু ডিহাইড্ৰেচন
হয়৷ এই গুৰুতৰ ৰোগত চেলইন দি যথোপযুক্ত নিদিলে প্ৰাণৰ আশংকা থাকে৷
অৰেল এলাৰ্জি চিনড্ৰম - শাক পাচলি নাইবা ফল খালে কিছুমান লোকৰ খজুৱতি মাত্ৰ মুখমণ্ডলত সীমাবদ্ধ থাকে৷
ফুড এলাৰ্জি কেতিয়াবা পৰিয়ালৰ একাধিক সদস্যৰ থকা দেখা যায় গতিকে এলাৰ্জিৰ সৈতে জেনেটিক কাৰণ থকাৰ সম্ভাৱনা আছে৷
ফুড এলাৰ্জিৰ চিনাক্তকৰণ - সাধাৰণতে ৰোগীৰ হিষ্ট্ৰিৰ পৰাই ফুড এলাৰ্জি হোৱা ধৰিব পাৰি৷ কেতিয়াবা এলাৰ্জি কৰা খাদ্যবিধ চিনাক্ত কৰিবলৈ স্কিন টেষ্ট নাইবা সন্দেহজনক পদাৰ্থ এবিধ এবিধকৈ খুৱাই চিকিৎসকে ঠাৱৰ কৰিবলগীয়া হয়৷ ফুড এলাৰ্জি হোৱা ৰোগীৰ তেজত ইমিউনগ্লবুলিন-ই (Ig ) এন্টিবডিৰ বৰ্ধিত পৰিমাণ পৰিলক্ষিত হয়৷
ফুড এলাৰ্জিৰ প্ৰতিকাৰ - পৰাপক্ষত চিনাক্ত হোৱা এলাৰ্জি কৰা খাদ্য পৰিহাৰ কৰি চলিব লাগে৷ এনেলোকে ৰেষ্টোৰাত খাওঁতে বিশেষ সতৰ্কতা লোৱাৰ প্ৰয়োজন৷ তেওঁলোকৰ অপকাৰী কিছুমান সামগ্ৰী খাদ্যত মিশ্ৰিতহৈ থাকিব পাৰে৷এলাৰ্জি দেখা দিলে কেতিয়াবা এন্টি এলাৰ্জিক বা এন্টি হিষ্টামিনিক
ঔষধ (খোৱা বা বেজী ) প্ৰয়োগ কৰিবলগীয়া হয়৷ ছালত কেলমিন লোচন বা ষ্টেৰইডৰ মলম লগাব দিয়া হয়৷এলাৰ্জি কিছু পৰিমাণে বেচি হলে ডেক্সামিথাচন বা বিটামিথাচন ষ্টেৰইড বেজীৰ প্ৰয়োগ কৰা হয়৷ এনাফাইলেক্সি হলে এড্ৰিনেলিন বেজী প্ৰয়োগ কৰা হয়৷
উন্নত দেশত ফুড এলাৰ্জিৰ ৰোগীয়ে এড্ৰিনেলিনৰ পেনফিল বেজী লগতলৈ ফুৰে৷ দেখা গৈছে যে যিসকল শিশুৱে ৪ৰ পৰা ৬মাহলৈ মাতৃ দুগ্ধ পান কৰে তেওঁলোকৰ ফুড এলাৰ্জি, এলাৰ্জিক ডাৰ্মাটাইটিচ,হাঁপানি আদিত কমকৈ আক্ৰান্ত হয়৷
এতিয়া ফুড ইনটলেঞ্চৰ (Food Intolerance ) বিষয়ে অলপ কওঁ৷ কিছুমান শিশুৰ পাক প্ৰণালীত হজম কৰিবলৈ প্ৰয়োজন হোৱা ৰাসায়নিক তত্ব এনজাইমৰ অভাৱ হোৱা হেতুকে কিছুমান খাদ্য খালে পেটফুলা, ওগাৰ, ওকলি, বমি, পেটৰ বিষ, বুকু জ্বলা আদি লক্ষণে দেখা দিয়ে৷সাধাৰণতে গাখীৰ বা গাখীৰৰে নিৰ্মিত খাদ্য পদাৰ্থ শৰীৰে গ্ৰহণ কৰিবলৈ টান পায়৷এই অৱস্থাক লেক্টজ ইনটলেঞ্চ বোলে৷ লেক্টজ এনজাইমৰ টেবলেট খবলৈ দি ইয়াৰ উপশম ঘটাব পাৰি৷নহলে এনে পদাৰ্থ সীমিত পৰিমাণতহে ৰোগীয়ে গ্ৰহণ কৰিব লাগে৷
চিলিয়াক ডিজিজ নামৰ পাক প্ৰণালীৰ ক্ৰনিক ৰোগত ৰোগীজনে আটা,ময়দা,বাৰ্লি আদি ঘেঁহুৰে নিৰ্মিত (য'ত গ্লুটেন থাকে) খাদ্য হজম কৰিব নোৱাৰে৷ইও এক ইমিউন প্ৰণালীৰ ৰোগ যি কেতিয়াও এনাফাইলেক্টিক ৰিয়েক্সন হোৱ পৰ্য্যায়লৈ যাব নোৱাৰে৷
মোৰ পাঠকৰ ফালৰ পৰা এটি প্ৰশ্ন আহিছে : ফুড এলাৰ্জিৰ ভোগা ক্ষীণলোকসকলে কেনেকৈ ওজন বঢ়াব ? মই 'ক্ষীণলোকসকলে
কেনেকৈ ওজন বঢ়াব' প্ৰৱন্ধত গাখীৰ,বুট,বাদাম আদি খোৱাৰ কথা লিখিছিলোঁ৷ এতিয়া যদি এই কেইবিধ বা আন খাদ্যৰ ফুড এলাৰ্জি থাকে তেতিয়া ব্যক্তিজনে কি ব্যৱস্থা অৱলম্বন কৰিব ? পোণতে তেওঁ নিজৰ বি এম আই ওলিয়াইলৈ জানি লব শৰীৰৰ ওজন কিমানখিনি কম৷ তাৰ পিছত নিজে খাব পৰা খাদ্যৰ পৰিমাণ এনেদৰে বঢ়াব যাতে তেওঁৰ দৈনিক প্ৰয়োজনকৈ কেলৰি ৰাহি হয়৷ ৩ৰ পৰা ৬মাহ সময়ত ভিতৰত প্ৰয়োজনীয় ওজনখিনি আয়ত্ব কৰাৰ আঁচনি লব৷ নিৰাপদ খাদ্য বাচনিৰ দায়িত্ব নিজৰ৷ প্ৰয়োজন সাপেক্ষে ডায়েটিচিয়ানৰ
লগত আলোচনা কৰি লব পাৰে৷ সকলোতকৈ আগতে নিজৰ শৰীৰটো এবাৰ অভিজ্ঞ চিকিৎসকক দেখাই লব যে আপুনি কোনো শাৰীৰিক ৰোগত ভূগি থকা নাই৷