২৭ ডিচেম্বৰ ১৮২২ তাৰিখে ফ্ৰান্সৰ পূৰ্ব দিশৰ পাহাৰীয়া অঞ্চলৰ ড'লে নামৰ এখন গাঁৱত এক দৰিদ্ৰ পৰিয়ালত এজন বিস্ময় বালকৰ জন্ম হৈছিল ৷ কোনেও কাহানিও ভবিষ্যবাণী কৰিব নোৱৰা সেই সেই বালক লুই পেষ্ট'ৰ এসময়ত বিশ্বৰ প্ৰসিদ্ধ বিজ্ঞানীৰূপে চিৰস্মৰণীয় হৈ ৰ'ল৷ তেওঁ জনম লোৱা ফৰাচী পৰিয়ালটোৱে মৃত জন্তুৰ চামৰাৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল৷
সৰুৰে পৰাই বালক লুই পেষ্ট'ৰৰ ৰাপ আছিল চিত্ৰাংকণত৷কালক্ৰমত মধ্যমীয়া প্ৰতিভাৰ ল'ৰাজনে স্কুলীয়া শিক্ষা সাং কৰি ১৮৪০চনত ক'লা বিষয়ত স্নাতক আৰু ১৮৪২চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে৷১৮৪৭ চনত পেৰিচৰ এক শিক্ষানুষ্ঠানৰ পৰা ডক্টৰেট সন্মানেৰে বিভূষিত হোৱাৰ পিছত ফিজিস্ক আৰু কেমেস্ত্ৰি বিষয়ত অধ্যাপনা আৰম্ভ কৰে ষ্ট্ৰেচবাৰ্গ বিশ্ববিদ্যালয়ত৷ লগে লগে তেওঁ বিভিন্ন বিষয়ৰ গৱেষনাত মনোনিবেশ কৰিবলৈ ধৰে৷ ১৮৪৯ চনৰ ২৯ মেত বি্শ্ববিদ্যালয়ৰ ৰেক্টৰ আৰু উপাচাৰ্য্যৰ কন্যা মেৰী ল'ৰেটৰ লগত লুই পেষ্ট'ৰৰ বিবাহ ধাৰ্য্য হয়৷ বিবাহৰ দিনাখন গীৰ্জাত সকলো গোট খোৱাৰ পিছতো যেতিয়া দৰাৰ দেখাদেখি নাইকীয়া, তেতিয়া এজন বন্ধুৱে লুই পেষ্ট'ৰক প্ৰয়োগশালাত বিচাৰি পায়৷ লুই পেষ্ট'ৰে নিজৰ কামখিনি সমাধা কৰিহে বন্ধুৰ লগত নিজৰ বিবাহথলীলৈ যায়৷ এনেকুৱাই আছিল কৰ্মৰ প্ৰতি তেওঁৰ ধাউতি৷
ব্যক্তিগত জীৱনত তেওঁ ৫টি সন্তানৰ পিতৃ হয় যদিও তিনিটি সন্তানেই টায়ফয়েড ৰোগত মৃত্যুবৰণ কৰে৷ দুখত ভাগি নপৰি তেওঁ ৰোগৰ নিৰাময়ৰ গবেষণাত মনোনিবেশ কৰিব ধৰে৷ লুই পেষ্ট'ৰৰ মতে সকলো ৰোগৰ উৎপত্তিৰ কাৰণ হ'ল - বীজাণু৷ ই সময়ত "জাৰ্ম থিয়ৰি" নামেৰে জনাজাত হ'ল৷ এইজনা মহান বিজ্ঞানীয়ে ৰেবিজ আৰু এনথ্ৰেস্কৰ ভেকচিনৰ উদ্ভাৱন কৰে৷
১৮৬৫চনত পেষ্টু'ৰে চিল্কৰ পলুসমূহক বেক্টেৰিয়াই ৰোগাক্ৰান্ত কৰে - সেই কথা ধৰা পেলায় আৰু প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়ায়৷ ১৮৬৮চনত তেওঁৰ এটা মগজুৰ গুৰুতৰ ষ্ট্ৰক হয়৷ ভগবানক অশেষ ধন্যবাদ তেওঁ সেই জীৱনৰ সংকটৰ পৰা মুক্ত হৈ আৰু দুকুৰিৰো অধিক কাল বাচি থাকি মানৱ জাতিৰ কল্যানৰ হকে গবেষণা চলাই যাবলৈ সক্ষম হৈ থাকিল৷
পেষ্টু'ৰৰ ধাৰনামতে বেচি ভাগ ৰোগৰ কাৰন হ'ল বেক্টেৰিয়া আৰু তাৰ বিনাশ কৰিব পাৰিলেই ৰোগৰ পৰা উদ্ধাৰ পাব পাৰি ৷ তেওঁ একাণপতিয়াকৈ গবেষণা লাগি থাকোতে পোনতে মূৰ্গীৰ কলেৰাৰ প্ৰতিষেধক আবিস্কাৰ কৰিলে৷ তেওঁ পাগল কুকুৰে কামোৰাৰ বাবে প্ৰতিষেধক নিৰ্মাণ কৰিবলৈ সক্ষম হয় ১৮৮৫ চনত৷ জোচেফ মেইষ্টাৰ নামৰ ৯বছৰীয়া কিশোৰ এজনক ৬জুলাই, ১৮৮৫ ৰ দিনাখন ৰেবিজৰ প্ৰতিষেধক বেজী প্ৰদান কৰে৷ ইয়াৰ দ্বাৰা লুই পেষ্টু'ৰৰ নাম জগতত জনাজাত হৈ পৰে৷ মূলত: পেষ্টু'ৰৰ জাৰ্ম থিয়ৰিৰ ওপৰত অধিক গবেষণাৰ ফলতেই এদিন সৰু আই আৰু যক্ষ্মা ৰোগৰ ভেকচিন উদ্ভাৱন সম্ভৱপৰ হয়৷
পেষ্টুৰাইজেচন - এনে এবিধ প্ৰক্ৰিয়া যাৰ দ্বাৰা খাদ্য-সামগ্ৰীসমূহ (বিশেষকৈ ডায়েৰীৰ সামগ্ৰী) অধিক দিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি ৷ সাধাৰণতে এনে জুলীয়া খাদ্য-সামগ্ৰীক এটা নিৰ্দিষ্ট তাপমানত এক নিৰ্ধাৰিত সময়লৈ উত্তাপ দি লগে লগে শীতল কৰিলে জীবাণুৰ দ্বাৰা খাদ্য-সামগ্ৰীবিধ সোণকালে বিনষ্ট নহয়৷ পেষ্টুৰাইজেচনৰ দ্বাৰা অনিষ্টকাৰী জীবাণু নষ্ট হয় ৷ অৱশ্যে এই প্ৰক্ৰিয়াত গাখীৰৰ কিছু ভিটামিন ক্ষয় হয়৷ পেষ্টুৰাইজেচনৰ উদ্ভাৱক আছিল লুইপেষ্ট'ৰ (এপ্ৰিল ১৮৬২ চন)৷ তেওঁক এইক্ষেত্ৰত সহযোগ কৰিছিল ক্লউড বাৰ্ণাডে৷ আজি
গোটেই বিশ্বতে ডায়েৰী ইণ্ডাস্ত্ৰিত পেষ্টুৰাইজেচন
নহলেই নচলে৷
১৮৮৫ চনৰ ২৮চেপ্তেম্বৰত তেওঁৰ দেহাবসান ঘটে যদিও মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ অমৰ আৰু চিৰনমস্য হৈ থাকিব৷
১৮৮৮ চনত পেৰিচত এইজনা
মনিষীক সন্মান জনাবলৈ স্থাপন কৰা হয় পেষ্ট'ৰ ইন্সটিটিউট৷
কিশোৰ লুই পেষ্ট'ৰে অঁকা ছবিসমূহ ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে ৷
আজি সমগ্ৰ মানৱ জাতিয়েই বৈজ্ঞানিক অৱদান সমূহৰ বাবে তেওঁৰ ওচৰত সৰ্বদা নতমস্তক হৈ থাকিব৷
৩০৷৯৷২০১২